শনিবাৰে পুৱা গুৱাহাটীৰ বেলতলা অঞ্চলত সংঘটিত এক শোকাবহ বাইক দুৰ্ঘটনাত মৃত্যু ঘটে দুজন যুৱকৰ।
নিহত যুৱক দুজনক ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ অয়ন দাস আৰু বিশাল দাস বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে,, পিছফালৰ পৰা এখন দ্ৰুতবেগী বাহনে খুন্দা মৰাৰ ফলত বাইক আৰোহী দুজনক থিতাতে মৃত্যু হয়।
সম্প্ৰতি মৃত যুৱক দুজনৰ মৃতদেহ পৰৱৰ্তী কাৰ্য্যবিধিৰ বাবে জিএনআৰচি চিকিৎসালয়ত ৰখা হৈছে।
ইয়াৰ পূৰ্বে আজি অসমৰ গোলাঘাট জিলাৰ অন্তৰ্গত কাজিৰঙাত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়।
হালধিবাৰী অঞ্চলৰ সমীপৱৰ্তী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এই দুৰ্ঘটনাৰ খবৰ।