দেশৰ আগশাৰীৰ অটোমোবাইল প্ৰতিষ্ঠান টাটা মটৰ্ছে জৱাহৰ নৱোদয় বিদ্যালয়ৰ সৈতে অংশীদাৰিত্ব কৰি জেএনভিৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তিমূলক পাঠ্যক্ৰম আগবঢ়াইছে। ২০২২ চনত আৰম্ভ হোৱা এই পাঠ্যক্ৰম কৰ্ণাটক, গুজৰাট, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, পশ্চিম বংগ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ২৫খন জৱাহৰ নৱোদয় বিদ্যালয়ত প্ৰদান কৰা হয়। এই বিশেষ পদক্ষেপৰ অধীনত টাটা মটৰ্ছে জেএনভিত বৃত্তিমূলক দক্ষতাৰ বাবে অটোমোটিভ পাঠ্যক্ৰম (৪০৪ আৰু ৮০৪) আগবঢ়াইছে, যিবোৰ চিবিএছইৰ নিৰ্দেশনা আৰু টাটা মটৰ্ছৰ দলৰ ইনপুট অনুসৰি প্ৰস্তুত কৰা হৈছে।
এই পাঠ্যক্ৰমসমূহে বিদ্যালয় চৌহদৰ ভিতৰত হাতে-কামে স্বয়ংচালিত দক্ষতা তথা উদ্যোগৰ পৰিচয় বা বিভিন্ন আনুষংগিক দিশৰ কৌশল প্ৰদান কৰে। টাটা মটৰ্ছে ২৫খন জেএনভি বিদ্যালয়ৰ বাবে প্ৰয়োজনীয় ‘অটোমোটিভ স্কিল লেব’ আন্তঃগাঁথনি সৃষ্টি কৰি জামছেদপুৰৰ টাটা মটৰ্ছৰ প্লাণ্টত এই বৃত্তিমূলক বিষয়বোৰ শিকাবৰ বাবে প্ৰশিক্ষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰিছে।ভকেচনেল অটমেটিভ স্কিলে(বৃত্তিমূলক স্বয়ংচালিত দক্ষতা)ৰে স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে মেকাট্ৰনিক্সত সম্পূৰ্ণ আৰ্থিক সাহায্যপ্ৰাপ্ত ডিপ্লমা লাভ কৰিব পাৰে, যাৰ ভিতৰত টিএমএল উৎপাদন কেন্দ্ৰত চাকৰিৰ সময়ত প্ৰশিক্ষণ আৰু কোম্পানীটোৰ পৰা ষ্টাইপেণ্ড প্ৰদানৰো ব্যৱস্থা কৰা হৈছে।
এই কাৰ্যসূচীৰ অধীনত এতিয়ালৈকে ২,৫০০ শিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু এই প্ৰশিক্ষণে এই বছৰ ৫,০০০ শিক্ষাৰ্থীক সামৰি ল’ব বুলি আশা কৰা হৈছে। এই বিষয়ে নবোদয় বিদ্যালয় সংস্থানৰ কমিছনাৰ বিনায়ক গাৰ্গে কয় যে, “এই অংশীদাৰীত্বৰ জৰিয়তে শিক্ষাৰ্থীসকলক এক নিৰ্দিষ্ট কেৰিয়াৰ বা ব্যৱসায়ত সফল হ’বলৈ প্ৰয়োজনীয় জ্ঞান আৰু দক্ষতা লাভ কৰিবলৈ আৰু স্বঅটোমোটিভ ছেক্টৰৰ শেহতীয়া ট্ৰেণ্ডৰ সৈতে নিজকে আগুৱাই নিবলৈ সক্ষম কৰি তুলিব।”