বি জে পিৰ গুৱাহাটী মহানগৰত জিলা সমিতিৰ উদ্যোগত , গুৱাহাটী মহানগৰ জিলা অনুসূচীত জাতি মৰ্চা আৰু ৰাণী মণ্ডল সমিতিৰ সহযোগত ২৩ ছেপ্টেম্বৰত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ ৰাজহুৱা সভাগৃহত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হয় । ৰাণী মণ্ডল সমিতিৰ সভাপতি হৰকান্ত নাথে আঁত ধৰা শিবিৰৰ উদ্ধোধনী অনুষ্ঠানত বি জে পিৰ গুৱাহাটী মহানগৰ জিলা সমি তিৰ সভাপতি তপন চন্দ্ৰ কলিতা , ৰাজ্যিক চিকিৎসা কোষৰ আহ্বায়ক নিৰঞ্জন কলিতা, সহযোগী আহ্বায়ক দেব পাঠক, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য প্রশান্ত মহন্ত , চাহ মৰ্চাৰ সভাপতি মহেন্দ্ৰ গোৱালা, অ বি চি মৰ্চাৰ সভাপতি পুতুলি গগৈ, গুৱাহাটী মহানগৰ জিলাৰ কেবাজনো বিষয়ববীয়া , অনুসূচীত জাতি মৰ্চাৰ কেবাজনো বিষয়ববীয়া , সমাজকর্মী বলেশ্বৰ ৰংপী , ৰামচাৰাণি জিলা পৰিষদৰ সদস্যা শিখা নাথ চৌধুৰী , ৰাণী মণ্ডল সমিতিৰ কেবাজনো কৰ্মকর্তা উপস্থিত থাকে । আনহাতে শিবিৰত আয়ুস মিছন হেলথ টীমৰ চিকিৎসকত্ৰয় ডাঃ কৰবী কুমাৰী , ডাঃ হিমাংশু বুজৰ বৰুৱা আৰু ডাঃ জয়ন্ত বৰ্মনে শিশু , মহিলাকে ধৰি ১০০ ৰো অধিক লোকেৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন দিহা পৰামৰ্শ আগবঢ়াই । চিকিৎসকৰ দলটোক সহযোগিতা কৰে স্বাস্থ্যকর্মী শান্তনু ভট্টই । আনহাতে শিবিৰত ৰোগ চিনাক্ত হোৱা ৰোগী সকলক বিনামূলীয়াকৈ ওষধ বিতৰণ কৰা হয় ।
বি জে পিৰ অনুসূচীত জাতি মৰ্চাৰ উদ্যোগত চকৰদৌত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
