বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিব বিচাৰিছে মোডী চৰকাৰে! ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অভিযোগ কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ

দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসত দিল্লীৰ লালকিল্লাত আয়োজিত অনুষ্ঠান বৰ্জন কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ। ইয়াৰ বিপৰীতে কংগ্ৰেছে জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত পতাকা উত্তোলন কৰি উদযাপন কৰে স্বাধীনতা দিৱস।

এই অনুষ্ঠানত ভাষণ দি খাৰ্গেয়ে অভিযোগ কৰে যে চৰকাৰে বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে। সদনত বিৰোধীৰ মাইক্ৰ’ফন বন্ধ কৰি দাবী ৰোধ কৰাৰ প্ৰয়াস কৰা হৈছে বুলি অভিযোগ কৰে কংগ্ৰেছৰ অধ্যক্ষগৰাকীয়ে।

অন্যহাতে লালকিল্লাত প্ৰধানমন্ত্ৰীৰ ভাষণত আজি অহংকাৰ ফুটি উঠিছিল বুলিও মন্তব্য কৰে খাৰ্গেয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনতো লালকিল্লাত ভাষণ দিব বুলি কৈ নিজৰ অহংকাৰ ব্যক্ত কৰিছে।

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ ভাষণত আজি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক সম্বোধন কৰি লালকিল্লাৰ পৰা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া আৰু কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিছিল।

কংগ্ৰেছক পৰিয়ালবাদী দল আখ্যা দি মোডীয়ে দাবী কৰিছিল যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ পুনৰ জয়ী হৈ এইবাৰৰ দৰেই অহা বছৰো স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰিব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *