বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত ক্ৰুটি, মঞ্চত উপনীত হোৱাৰ চেষ্টা এজন লোকৰ…

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীৰ মাজতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নিৰাপত্তাত ক্ৰুটি।

নিৰাপত্তা ব্যৱস্থা ভংগ কৰি মুখ্যমন্ত্ৰী উপৱিষ্ট মঞ্চত উপনীত হ’বলৈ চেষ্টা এজন লোকৰ।

নিৰাপত্তাৰক্ষীয়ে লোকজনক মঞ্চত উপনীত হোৱাৰ পূৰ্বেই দেখা পাই আটক কৰি চৌহদৰ বাহিৰলৈ লৈ যায়।

ইফালে এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰীয়ে কেই ছেকেণ্ডমানৰ বাবে ভাষণ স্থগিত ৰাখি পুনৰ আৰম্ভ কৰে।

বৰ্তমান গান্ধী ময়দান আৰক্ষী থানাৰ জিম্মাত ৰখা হৈছে লোকজনক।

পাটনা আৰক্ষীয়ে অভিযুক্তৰ চিনাক্তকৰণ আৰু উদ্দেশ্য জানিবলৈ জেৰা চলাই আছে।

নীতিশ কুমাৰে পাটনাৰ গান্ধী ময়দানত আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *