বিশ্ব বিনিয়োগকাৰী সপ্তাহত আমফি আৰু ছেবিয়ে গুৱাহাটীৰ লতাশিল খেলপথাৰৰ পৰা আয়োজন কৰে ভাৰত নিবেশ ৰান মাৰাথন

এছ’চিয়েশ্যন অৱ মিউচুৱেল ফাণ্ডছ ইণ্ডিয়া (এ এম এফ আই) আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)ৰ যৌথ উদ্যোগত ২০২৩ চনৰ ৯-১৫ অক্টোবৰলৈ বিশ্ব বিনিয়োগকাৰী সপ্তাহ উদযাপন কৰা হয়, এই ৱৰ্ল্ড ইনভেষ্টৰ উইক গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত ভাৰত নিবেশ ৰান মাৰাথনেৰে সামৰণি পৰে।

ভাৰত নিবেশ দৌৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰে ছেবিৰ মুখ্য মহাপ্ৰবন্ধক জি ৰাম মোহন আৰু এএমএফআইৰ সহকাৰী অধ্যক্ষ মমতা মুডলিয়াৰ বৈদ্যই। এই দৌৰত অংশ লৈছিল মুঠ ৪৫৬জন অংশগ্ৰহণকাৰীয়ে, য’ত ৩৫৩ জন পুৰুষ আৰু ১০৩গৰাকী মহিলা। গুৱাহাটীৰ লগতে যোধপুৰ, ইন্দোৰ আৰু তিৰুচিৰাপল্লী(ত্ৰিচি)তো ভাৰত নিবেশ মাৰাথনৰ আয়োজন কৰা হৈছিল। গুৱাহাটীয়ে মিউচুৱেল ফাণ্ড উদ্যোগৰ সামগ্ৰিক এইউএমৰ ০.২৭% অৱদান আগবঢ়ায়।

বিশ্ব বিনিয়োগকাৰী সপ্তাহ উপলক্ষে নিজৰ ভাষণ প্ৰদান কৰি এএমএফআইৰ মুখ্য কাৰ্যবাহী এন এছ ভেংকটেশে কয় যে, “আমি আৰ্থিকভাৱে সচেতন আৰু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ আমাৰ সামূহিক অভিযানক আগুৱাই নিয়াৰ বাবে ছেবি আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে অবিৰত সহযোগিতাৰ বাবে আশাবাদী।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *