বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিবলৈ গৈ অৰুণাচলী দুৰ্বৃত্তৰ গুলীত মৃত্যু ২ অসমীয়াৰ

বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ কৰিবলৈ গৈ বন্দুকধাৰী অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুজনকৈ অসমীয়া যুৱকে।

সোমবাৰে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ জয়ৰামপুৰৰ সমীপৰ পাণবাৰীত।

অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত নিহত অসমীয়া যুৱক দুজনক বগা চেতিয়া আৰু মণ্টু গগৈ বুলি চিনাক্ত কৰা হৈছে।

ইফালে গুলীবিদ্ধ হৈ আহত হৈছে পুষ্প গগৈ নামৰ এজন এজন লোক।

জানিব পৰা মতে, অসমীয়া তিনিজনে অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত বিশ্ব পৰিৱেশ দিৱস উপলক্ষ্যে গছপুলি ৰোপণ কৰি থকাৰ সময়তে অসমৰ সীমাত প্ৰৱেশ কৰি বন্দুকধাৰী অৰুণাচলী দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে।

যাৰ ফলত বগা চেতিয়াৰ থিতাতে মৃত্যু ঘটে। আনহাতে আহত আন দুজনক ততায়ৈকা হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত মৃত্যু ঘটে মণ্টু গগৈৰ।

ইফালে অৰুণাচলী দুৰ্বৃত্তই অঞ্চলটোৰ পৰা আন তিনিজন অসমীয়াক অপহৰণ কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে।

সীমান্তৰ নিৰাপত্তা বাহিনীয়ে অপহৃত লোকক বিচাৰি উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘটনাক ৰাজ্যিক বিবাদ নহয় বুলি দাবী কৰি কয় যে অৰুণাচলে অসমৰ ওপৰত আক্ৰমণ কৰা নাই। কিছুমান নিকৃষ্ট মানুহে মাটিৰ বাবে এনে কাৰ্য সংঘটিত কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *