বিশ্ব উদ্যোমিতা দিৱস উদযাপন: দিশপুৰ মহাবিদ্যালয়ত প্ৰতিষ্ঠান

দিশপুৰ মহাবিদ্যালয়ত প্ৰতিষ্ঠান উদ্ভাৱন পৰিষদ (আই. আই. চি.)ৰ উদ্যোগত সোমবাৰে বিশ্ব উদ্যোমিতা দিৱস উদযাপন কৰা হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত এখনি বার্তালাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্রতিষ্ঠিত উদ্যোগি তথা হেৰিটেজ খৰিকাৰ স্বত্বাধিকাৰী অতুল লহকৰ, প্ৰজাপতি অসমীয়া গহনাৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকা আৰু গিক ৱৰ্কচ টেকনোলোজিৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া ভাৰ্গৱ ৰণদ্বীপ। অর্থনীতি বিভাগৰ অধ্যাপক ড০ হিমাংশু কলিতাই আঁতধৰা অনুস্হানটোত আদৰণি ভাষণ সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই কয় যে “আমাৰ সকলোৰে ভিতৰত এটা সৃজনীশীল শক্তি আছে আৰু সেই সৃজনীশীল দক্ষতাবোৰ বিকাশ কৰি আগবাঢ়িবলৈ উদ্যোগিক মন এটাৰ প্ৰযোজন।” উক্ত বাৰ্তালাপ অনুষ্ঠানটো পৰিচালনা কৰে দিশপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক লীমা কলিতা আৰু অৰ্থনীতি বিভাগৰ অধ্যাপক ধ্ৰুৱজিৎ গগৈয়ে। তিনিওগৰাকী উদ্যোগিয়ে নিজৰ নিজৰ উদ্যোগিক যাত্ৰাসমূহৰ বৰ্ণনা কৰি এটা কথাই উল্লেখ কৰে যে মনৰ একাগ্ৰতা আৰু নিষ্ঠাৰে কৰা কৰ্মত দৰিদ্ৰতা বা মূলধন হেঙাৰ হিচাপে থিয় দিব নোৱাৰে। সফলতা আজুৰি আনিব পৰাকৈ মনবোৰ দৃঢ় কৰি আগবাঢ়িলে এদিন সকলো স্বাৱলম্বী হ’ব। অনুষ্ঠানটোত মহাবিদ্যালয়ৰ সমূহ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *