যেতিয়া আমেৰিকান টেনিছ তাৰকা পিট চাম্প্ৰাছে ২০০২ চনত তেওঁৰ ১৪ তম গ্ৰেণ্ড শ্লেম খিতাপ জিকিছিল, তেতিয়া তেওঁৰ ৰেকৰ্ডৰ দূৰ-দূৰলৈ কোনো নাছিল। কিন্তু কোনোৱে ভবা নাছিল যে পৰৱৰ্তী দুটা দশকত, এজন নহয় তিনিজন খেলুৱৈয়ে এই অভিলেখ ভংগ কৰিব। প্ৰথমে ৰজাৰ ফেডাৰেৰে তেওঁৰ অভিলেখ ভংগ কৰে, তাৰ পিছত নাদালে আৰু শেষত, জক’ভিচে পিট চাম্প্ৰাছকো অতিক্ৰম কৰে। যোৱা দুটা দশকত, কেৱল এই তিনিজন খেলুৱৈয়েহে টেনিছ বিশ্বত আধিপত্য বিস্তাৰ কৰিছে। যোৱা বছৰলৈকে, তিনিওজন খেলুৱৈয়ে ২০ টাকৈ গ্ৰেণ্ড শ্লেম জিকি সমপৰ্যায়ত উপনীত হৈছিল। এই বছৰ ৰাফেল নাদালে দুটা গ্ৰেণ্ড শ্লেম জিকিছে আৰু এই দৌৰত নিজকে আগুৱাই লৈ গৈছে। ২০০৩ চনত ছুইজাৰলেণ্ডৰ টেনিছ খেলুৱৈ ৰজাৰ ফেডাৰেৰে উইম্বলডন হিচাপে প্ৰথম গ্ৰেণ্ড শ্লেম খিতাপ জয় কৰে। তেওঁ ফাইনেলত মাৰ্ক ফিলিপোচিছক পৰাস্ত কৰিছিল। আনহাতে ২০০৪ত ফেডাৰেৰে অষ্ট্ৰেলিয়ান অ’পেন, উইম্বলডন আৰু ইউএছ অ’পেন জয় কৰি তেওঁৰ গ্ৰেণ্ড শ্লেমৰ সংখ্যা ৪টা লৈ বৃদ্ধি কৰে। ২০০৫ত ফেডাৰেৰে পুনৰ উইম্বলডন আৰু ইউএছ অ’পেন জিকিছিল। ৰাফেল নাদালে ফ্ৰেন্স অপেনৰ ফাইনেলত মাৰিয়ানো পুয়েৰ্টাক পৰাস্ত কৰি তেওঁৰ প্ৰথম গ্ৰেণ্ড শ্লেম জিকিছিল।২০০৬ত নাদালে দ্বিতীয়বাৰৰ বাবে ফ্ৰেন্স অপেন জিকিছিল, আনহাতে বছৰটোৰ আন তিনিটা গ্ৰেণ্ড শ্লেম ৰজাৰ ফেডাৰেৰে দখল কৰিছিল। ২০০৭ত ফেডাৰেৰে তিনিটা গ্ৰেণ্ড শ্লেম জিকিছিল, আনহাতে নাদালে ফ্ৰেন্স অপেন জিকিবলৈ সক্ষম হৈছিল। ফলত ফেডাৰেৰ গ্ৰেণ্ড শ্লেমৰ সংখ্যা ১২ আৰু নাদালৰ তিনিটালৈ বৃদ্ধি পায়।
২০০৮ত নাদালে এইবাৰ ফ্ৰেন্স অ’পেনৰ লগতে উইম্বলডন খিতাপ জয় কৰে। ফেডাৰেৰে ইউএছ অ’পেন দখল কৰিছিল। জক’ভিচে এই বছৰ দৌৰত যোগদান কৰিছিল। তেওঁ অষ্ট্ৰেলিয়ান অ’পেন জিকিছিল। যাৰ ফলত ফেডাৰেৰ গ্ৰেণ্ড শ্লেমৰ সংখ্যা১৩, নাদালৰ ৫, জকোভিচৰ ১লৈ বৃদ্ধি পায়। ২০০৯ত নাদালে ফ্ৰেন্স অ’পেন জিকিব নোৱাৰিলে কিন্তু অষ্ট্ৰেলিয়ান অ’পেন জিকিলে। ফেডাৰেৰে ফ্ৰেন্স অ’পেন আৰু উইম্বলডন জিকি পিট চাম্প্ৰাছক অতিক্ৰম কৰে। গ্ৰেণ্ড শ্লেমৰ সংখ্যা ফেডাৰেৰ ১৫, নাদালৰ ৬, জকোভিচৰ এক লৈ বৃদ্ধি পায়। ২০১০ত ফেডাৰেৰে অষ্ট্ৰেলিয়ান অ’পেন দখল কৰে। বাকী তিনিটা গ্ৰেণ্ড শ্লেম নাদালৰ হাতত আছিল। ২০১১ত নাদালে ফ্ৰেন্স অ’পেন খিতাপ দখল কৰিছে। বাকী তিনিটা খিতাপ জক’ভিচে জিকিছিল। ফেডাৰেৰৰ হাত আঠ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে খালী আছিল। ২০১২ত নাদাল আকৌ এবাৰ ৰোলাণ্ড গাৰোছৰ ওপৰত চেম্পিয়ন হৈছিল। ফেডাৰেৰে উইম্বলডন জিকিছিল আৰু জক’ভিচে অষ্ট্ৰেলিয়ান অ’পেন জিকিছিল (ফেডাৰেৰ-১৭, নাদাল-১১, জকোভিচ-৫)।
২০১৩ত নাদালে ফ্ৰেন্স অ’পেনৰ লগতে ইউএছ অ’পেন খিতাপ জয় কৰে। জক’ভিচ অষ্ট্ৰেলিয়ান অপেনৰ চেম্পিয়ন হৈছিল। ফেডাৰেৰৰ হাত খালী হৈ আছিল (ফেডাৰেৰ-১৭, নাদাল-১৩, জকোভিচ-৬)।২০১৪ত নাদালে পুনৰ ৰোলাণ্ড গাৰোছত অৱতৰণ কৰে। তেওঁ ৯ ম বাৰৰ বাবে ফ্ৰেন্স অ’পেন জিকিছিল। জক’ভিচ উইম্বলডন চেম্পিয়ন হৈছিল। ফেডাৰেৰৰ হাত এই বছৰো খালী আছিল (ফেডাৰেৰ-১৭, নাদাল-১৪, জকোভিচ-৭)। ২০১৫ত নাদাল আৰু ফেডাৰেৰৰ হাতত কোনো গ্ৰেণ্ড শ্লেম নাছিল। জক’ভিচে অষ্ট্ৰেলিয়ান অ’পেন, উইম্বলডন আৰু ইউএছ অ’পেনৰ খিতাপ জিকিছিল (ফেডাৰেৰ-১৭, নাদাল-১৪, জকোভিচ-১০)।২০১৬ত নাদালৰ বাবে এই বছৰটো বেয়া আছিল। আঘাতৰ বাবে আৰু সম্পূৰ্ণ ফিট নোহোৱাৰ বাবে তেওঁ ফৰ্মৰ বাহিৰত আছিল। ফেডাৰেৰৰ হাতও এই বছৰ খালী আছিল। জক’ভিচে অষ্ট্ৰেলিয়ান আৰু ফ্ৰেন্স অ’পেন জিকিছিল (ফেডাৰেৰ-১৭, নাদাল-১৪, জকোভিচ-১২)। ২০১৭ত নাদাল আৰু ফেডাৰেৰে এই বছৰ শক্তিশালী প্ৰত্যাৱৰ্তন কৰে, ফ্ৰেন্স অ’পেন আৰু ইউএছ অ’পেন খিতাপ জয় কৰে। ফেডাৰেৰে অষ্ট্ৰেলিয়ান অ’পেন আৰু উইম্বলডন জিকিছিল। জক’ভিচৰ হাত খালী হৈ আছিল (ফেডাৰেৰ-১৯, নাদাল-১৬, জকোভিচ-১২)। ২০১৮ত নাদালে ১১ তম বাৰৰ বাবে ফ্ৰেন্স অ’পেন জিকিছিল। ফেডাৰেৰে অষ্ট্ৰেলিয়ান অ’পেন জিকিছিল। জক’ভিচে আন দুটা গ্ৰেণ্ড শ্লেম জিকিছিল (ফেডাৰেৰ-২০, নাদাল-১৭, জকোভিচ-১৪)। ২০১৯ত নাদালে এই বছৰ ফ্ৰেন্স অ’পেনৰ সৈতে ইউএছ অ’পেন খিতাপ জিকিছিল। জক’ভিচে অষ্ট্ৰেলিয়ান অ’পেন আৰু উইম্বলডন জিকিছিল (ফেডাৰেৰ-২০, নাদাল-১৯, জকোভিচ-১৬)। ২০২০ত নাদাল পুনৰ ৰোলাণ্ড গাৰোছৰ চেম্পিয়ন হয়। তেওঁ ফেডাৰেৰৰ সৰ্বাধিক গ্ৰেণ্ড শ্লেম জয়ৰ অভিলেখৰ সমতুল্য হয়, জক’ভিচে অষ্ট্ৰেলিয়ান অ’পেন জয় কৰে। এই বছৰ ফেডাৰেৰৰ হাতত একো পৰা নাছিল (ফেডাৰেৰ-২০, নাদাল-২০, জকোভিচ-১৭)।
২০২১ত নাদাল আৰু ফেডাৰেৰৰ অংশলৈ একো নাহে। জক’ভিচে তিনিটা গ্ৰেণ্ড শ্লেম জিকি নাদাল আৰু ফেডাৰেৰৰ সমতুল্য হৈছিল (ফেডাৰেৰ-২০, নাদাল-২০, জকোভিচ-২০)।২০২২ত নাদালে প্ৰথম দুটা গ্ৰেণ্ড শ্লেম জিকিছে। অষ্ট্ৰেলিয়ান অ’পেন জয় কৰি, তেওঁ সৰ্বাধিক গ্ৰেণ্ড শ্লেম জয়ৰ সৈতে টেনিছ খেলুৱৈ হয়। একে সময়তে, ফ্ৰেন্স অপেনৰ বিজয়ী হৈ, তেওঁ নিজৰ নেতৃত্ব শক্তিশালী কৰে। যাৰ ফলত গ্ৰেণ্ড শ্লেমৰ সংখ্যা ফেডাৰেৰ-২০, নাদাল-২২, জক’ভিচ-২০লৈ বৃদ্ধি পায়।