দুলীয়াজানৰ নিউ ডিৰিয়েল চাহ বাগিচাত দেওবাৰে পুৱা উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ।
মৃতদেহটো উদ্ধাৰক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ।
জানিব পৰা মতে, নিহত মহিলাগৰাকীৰ পৰিচয় বসন্তী গোৱালা বুলি চিনাক্ত কৰা হৈছে।
মাত্ৰ তিনি মাহ পূৰ্বে ৰাজীৱ গোৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বসন্তীক নিশা শৌচাগাৰত মৃত অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনাটো হত্যাকাণ্ড বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
ঘটনাৰ পিছতে একাংশ উত্তেজিত লোকে ৰাজীৱ গোৱালাৰ বাসগৃহত আক্ৰমণৰ চেষ্টা চলায় যদিও সময়মতে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষী। পিছত এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে গোৱালা আৰু তেওঁৰ পিতৃক সোধা-পোছাৰ বাবে লৈ যায়।