বিমানৰ ভিতৰতে পতি-পত্নীৰ দুৰ্বাদল কাজিয়া! দিল্লীত জৰুৰী অৱতৰণ

মিউনিখৰ পৰা অহা লুফথানছাৰ বিমানৰ ভিতৰতে স্বামী-স্ত্ৰীৰ মাজত সূত্ৰপাত কাজিয়াৰ। দুয়োৰে মাজত কাজিয়া ইমানেই বৃদ্ধি পায় যে হতাহতি পৰ্যন্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিমানখনৰ ভিতৰৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ পিছত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ (আই জি আই)ত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। লুফথানছাৰ বিমান নম্বৰ LH772 মিউনিখৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককলৈ গৈ আছিল।

নিউজ এজেন্সী এ এন আইয়ে সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হোৱাৰ পিছত বিমানখন দিল্লী অভিমুখে ডাইভাৰ্ট কৰা হয়। দিল্লী বিমানবন্দৰৰ সূত্ৰ অনুসৰি এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে এই খবৰ পোৱাৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে বিমানবন্দৰত উপস্থিত হৈ বিমানৰ গেট খোলাৰ বাবে অপেক্ষা কৰিবলৈ আৰম্ভ কৰে।

কোৱা হৈছে যে ইয়াৰ পূৰ্বে ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানত এই বিমানখন অৱতৰণ কৰাৰ চেষ্টা কৰা হৈছিল যদিও তাত থকা বিমানবন্দৰ কৰ্তৃপক্ষই অনুমতি নিদিলে। ইয়াৰ পিছত বিমানখন দিল্লী অভিমুখে ডাইভাৰ্ট কৰা হয়।

অৱশ্যে স্বামী-স্ত্ৰী ক’ৰ পৰা আহিছে আৰু তেওঁলোকৰ মাজত কাজিয়াৰ কাৰণ কি আছিল সেই সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাই। জানিব পৰা মতে, ঘটনাৰ পিছতে লোকজনক বিমানখনৰ পৰা উলিয়াই নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। এই ঘটনা সন্দৰ্ভত এতিয়াও লুফথানছা এয়াৰে কোনো বিবৃতি প্ৰকাশ কৰা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *