বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা

বৰনগৰীয়া সমাজ, গুৱাহাটী বাসীৰ উদ্যোগত  উদযাপন কৰিবলগীয়া বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অহা   এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে অহা ৪ চেপ্তেম্বৰত  গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বীনাপাণি একাডেমীত আৰু ১১ চেপ্তেম্বৰত  নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত প্ৰতিযোগিতাৰ বাবে স্থান নিৰ্ধাৰণ  কৰা হৈছে। প্ৰতিযোগিতা দিনৰ  দহ বজাত আৰম্ভ  হ’ব। প্ৰতিযোগীসকলে চিত্ৰাংকনৰ সঁজুলি লগত লৈ আহিব লাগিব। প্ৰতিযোগিতাৰ ভৰ্তি মাচুল নালাগে। প্ৰতিযোগিতা “ক” শাখাত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ, “খ” শাখাত ষষ্ঠ পৰা অষ্টম শ্ৰেণীলৈ আৰু “গ” শাখাত নৱম-দশম শ্ৰেণীক লৈ মুঠ তিনিটা শাখাত অনুস্থিত হ’ব। প্ৰতিটো শাখাৰ বাবে তিনিটাকৈ পুৰষ্কাৰ আৰু মানপত্ৰ থাকিব। পুৰস্কাৰসমূহ ১২ চেপ্টেম্বৰত বিয়লি  ২-৩০ বজাত লতাশিলৰ সন্মুখত অৱস্থিত বিষ্ণু নিৰ্মলা ভৱনত  অনুস্থিত হব লগীয়া বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মাস্মৃতি দিৱসৰ সভাত প্ৰদান কৰা হ’ব । বিজয়ী প্ৰতিযোগী সকলক  ফোনযোগে ফলাফল জনোৱা হ’ব। ইছ্যুক প্ৰতিযোগী সকলক বিশদ বিৱৰণৰ বাবে ৯৪৩৫৩৪৩২০২ নম্বৰত অথবা নুনমাটি ,লুইতনগৰ বাসিন্দা শিল্পী  হৰিপ্ৰসাদ তালুকদাৰৰ লগত যোগাযোগ কৰিবলৈ  আহ্বান জনাইছে উদ্যোগতা সকলে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *