বিজেপি সাংসদ নিশিকান্ত ডুবেলৈ আইনী জাননী TMC সাংসদ মহুৱা মৈত্ৰাৰ, কাৰণ…

সোমবাৰে খবৰ অনুসৰি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰাই বিজেপিৰ লোকসভাৰ সাংসদ নিশিকান্ত ডুবেৰ বিৰুদ্ধে আৰ্থিক অপব্যৱহাৰৰ অভিযোগক লৈ ২৪ ঘন্টাৰ ভিতৰত ক্ষমা বিচাৰি আইনী জাননী প্ৰেৰণ কৰে। দেওবাৰে ডুবেয়ে মৈত্ৰাই ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা “সংসদত প্ৰশ্ন সুধিবলৈ” “নগদ ধন আৰু উপহাৰ” লোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

মৈত্ৰাৰ বিৰুদ্ধে ডুবেৰ অভিযোগ
বিজেপিৰ সাংসদগৰাকীয়ে অধিবক্তা জয় অনন্ত দেহাদৰাইৰ পৰা পোৱা এখন পত্ৰত মৈত্ৰা আৰু হিৰণনন্দনীৰ মাজত হোৱা আৰ্থিক লেনদেনৰ প্ৰমাণ পোৱা বুলি উল্লেখ কৰিছিল। সংসদত মৈত্ৰাই নিৰ্দিষ্ট প্ৰশ্ন কৰাৰ বিনিময়ত এই লেনদেন কৰা বুলি অভিযোগ উঠিছে।

মৈত্ৰাই ইউটিউব, এক্স, গুগললৈ প্ৰেৰণ কৰে আইনী জাননী
মৈত্ৰাই এই অভিযোগ মিছা বুলি দাবী কৰি ২৪ ঘণ্টাৰ ভিতৰত ডুবেৰ পৰা ক্ষমা বিচাৰে। চিএনএন-নিউজ১৮ৰ তথ্য অনুসৰি টিএমচিৰ সাংসদগৰাকীয়ে ডুবেৰ অভিযোগ চলোৱাৰ বাবে ক্ষমা বিচাৰি ইউটিউব, এক্স (পূৰ্বৰ টুইটাৰ), গুগল আৰু কেইবাটাও মিডিয়া হাউছলৈও আইনী জাননী প্ৰেৰণ কৰে।

ডুবেৰ এই অভিযোগক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ সুভেন্দু অধিকাৰীৰ
ইফালে সোমবাৰে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে মৈত্ৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ গুৰুতৰ বুলি মন্তব্য কৰে। লগতে বিষয়টোৰ তৎকালীন তদন্তৰ দাবী উত্থাপন কৰে।

“অভিযোগ গুৰুতৰ। বিশেষাধিকাৰ সমিতিয়ে ইয়াৰ তৎকালীন তদন্ত কৰিব লাগে কাৰণ অহা কেইমাহমানৰ ভিতৰত সংসদৰ সময়সীমা শেষ হ’বলৈ গৈ আছে।”-অধিকাৰীয়ে কয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *