বালাছোৰৰ ৰে’ল দুৰ্ঘটনাত নিহত পশ্চিমবংগৰ ১০৩ জন, আৰ্থিক সাহায্য, চাকৰি ঘোষণা মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্কঃ ওড়িশাৰ বালাছোৰত সংঘটিত ভয়াবহ ৰে’ল দুৰ্ঘটনাত মৃত্যুক সাৱটিছে পশ্চিমবংগৰ ১০৩ জনকৈ লোকে।

মঙলবাৰে এই তথ্য সদৰী কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

তেওঁ কটক হাস্পতালত চিকিৎসাধীন হৈ থকা আহত সকলৰ বুজ লৈ সংবাদ মেলত জানিবলৈ দিয়া মতে, ৰে’ল দুৰ্ঘটনাটোত নিহত মুঠ ২৭৮ জনৰ ১০৩ জনেই আছিল পশ্চিমবংগৰ নিৱাসী।

অন্যহাতে বৰ্তমানো হাস্পতালত ৩১ জন আহত চিকিৎসাধীন হৈ আছে।

নিহত সকলৰ ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে বুলি জানিবলৈ দি মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিহত সকলৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰে।

ইয়াৰ উপৰিও দুৰ্ঘটনাৰ ফলত কাম কৰাৰ ক্ষমতা হেৰুৱাই পেলোৱা লোকসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে হোমগাৰ্ডৰ চাকৰিৰ কথা ঘোষণা কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *