বানৰ আশংকা! কাছাৰৰ বেথুকান্দিত ১৪৪ ধাৰা জাৰি…

প্ৰবল বৰষুণৰ পিছতে বান্ধ ছিঙাৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলাৰ বেথুকান্দি শ্লুইচ গেটৰ চৌদিশে ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে।

সূত্ৰ অনুসৰি শিলচৰৰ অন্নপূৰ্ণা ঘাটত বৰাক নদীৰ জলপৃষ্ঠ ১৭.০০ মিটাৰৰ ওপৰেৰে বৃদ্ধি পাইছে যাৰ বাবে জিলা প্ৰশাসনে বেথুকান্দি বান্ধটো সুৰক্ষিত কৰাৰ ব্যৱস্থা তীব্রতৰ কৰি তুলিছে।

কাছাৰৰ অতিৰিক্ত জিলা দণ্ডাধীশ এচিএছৰ অন্তৰা সেনে গৃহীত কৰা এক নিৰ্দেশত ১০০ মিটাৰৰ ভিতৰত চাৰিজনৰো অধিক লোকৰ সমাৱেশত বাধা আৰোপ কৰা হৈছে। কিন্তু যান-বাহন চলাচলত কোনো বাধা নাই।

উল্লেখযোগ্য যে, যোৱা বছৰৰ জুন মাহত বেথুকান্দি বান্ধ ভংগ হোৱাৰ ফলত শিলচৰ চহৰত ব্যাপক বানপানীৰ সৃষ্টি হৈছিল।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *