বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পৰা বাহিৰ ৰোহিত শৰ্মা

বুঢ়া আঙুলিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱাৰ পিছত ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মা বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় টেষ্টৰ পৰা বাহিৰ হৈছে। টেষ্ট শৃংখলাৰ পূৰ্বে খেলা এদিনীয়া শৃংখলাৰ দ্বিতীয়খন খেলত ফিল্ডিং কৰোঁতে তেওঁ বাওঁ বুঢ়া আঙুলিত আঘাত পাইছিল। ভাৰতীয় দলটোৱে এদিনীয়া শৃংখলাত ২-১ ব্যৱৱধাৰাত পৰাজিত হৈছিল।
আঘাতৰ চিকিৎসাৰ বাবে মুম্বাইত উপস্থিত হোৱা ৰোহিত বিচিচিআইৰ চিকিৎসা সমিতিৰ তত্বাৱধানত আছে।/ৰোহিতৰ উপৰিও, পেটৰ পেশীৰ চাপৰ বাবে ফাষ্ট বলাৰ নৱদীপ চাইনীও এই খেলৰ পৰা বাহিৰ হৈছে। চিকিৎসা দলৰ মত হৈছে যে ভাৰতীয় অধিনায়কক তেওঁৰ সম্পূৰ্ণ ফিটনেছৰ সৈতে বেটিং আৰু ফিল্ডিং কৰিবলৈ আৰু কিছু সময়ৰ প্ৰয়োজন। তেওঁ তেওঁৰ পুনৰ্সংস্থাপন অব্যাহত ৰাখিব আৰু বাংলাদেশৰ বিৰুদ্ধে দ্বিতীয় আৰু অন্তিম টেষ্টৰ বাবে উপলব্ধ নহ’ব। পেটৰ পেশীত চাপৰ বাবে নৱদীপ চাইনীকো দ্বিতীয় টেষ্টৰ পৰা বাহিৰ কৰা হৈছে। দ্ৰুত বলাৰজনে এতিয়া তেওঁৰ আঘাতৰ অধিক ব্যৱস্থাপনাৰ বাবে এনচিএ (ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী)লৈ যাব। লোকেশ ৰাহুলৰ নেতৃত্বত চিটাগঙত খেলা প্ৰথমখন টেষ্ট মেচত ভাৰতে ১৮৮ ৰাণত জয়লাভ কৰিছিল। তেওঁ দলটোক আকৌ এবাৰ নেতৃত্ব দিব। দ্বিতীয় টেষ্টৰ বাবে ভাৰতৰ দল: কে এল ৰাহুল (অধিনায়ক), শুভমান গিল, চেতেশ্বৰ পুজাৰা, বিৰাট কোহলী (উইকেট-ৰক্ষক), শ্ৰেয়াছ আয়াৰ, ঋষভ পন্ত (উইকেট-ৰক্ষক), কে এছ ভাৰত (উইকেট-ৰক্ষক), ৰবিচন্দ্ৰন অশ্বিন, অক্সাৰ পেটেল, কুলদীপ যাদৱ, শাৰ্দুল ঠাকুৰ, মহম্মদ ছামী। চিৰাজ, উমেশ যাদৱ, অভিমন্যু ঈশ্বৰণ, সৌৰভ কুমাৰ, জয়দেৱ উনাদকট।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *