বন বিভাগৰ উদ্যোগত কুলসী হাইস্কুলত কেৰিয়াৰ বিষয়ক সজাগতা কাৰ্যসূচী

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তৰ কিছু  নিলগত থকা  কুলসী হাইস্কুলত  বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ  উদ্যোগত আৰু চি আই এছ এফৰ আই অ চি ইউনিটৰ। সহযোগত ৪ মে’ত কেৰিয়াৰ বিষয়ক  এক সজাগতা মূলক  কাৰ্যসূচীৰ আয়োজন কৰা হয়  । কাৰ্যসূচীত বিদ্যালয়খনৰ  অষ্টমৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ – ছাত্ৰী সকলে ভাগ লয় । আনহাতে  কুলসীৰ আঞ্চলিক বন বিষয়া দ্বীপন ডেকাৰ  তত্বাৱধানত অনুষ্ঠিত কাৰ্যসূচীত বন বিভাগৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ডিম্পী বৰাই   উপস্থিত ছাত্ৰ ছাত্ৰী সকলক এ পি এছ চি পৰীক্ষাকে  ধৰি বিভিন্ন প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হবলৈ হলে কেনেদৰে এতিয়াৰে  পৰা প্ৰস্তুতি আৰম্ভ কৰিব লাগে সেই বিষয়ে সুন্দৰকৈ বাখ্যা দাঙি ধৰে । তেনেদৰে  চি আই এছ এফৰ পৰিদৰ্শক জাভেদ খানে সামৰিক  আৰু  অৰ্দ্ধ সামৰিক বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়া আদিৰ ওপৰত বাখ্যা আগবঢ়ায় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *