বন্ধুৰ সৈতে গা ধুবলৈ গৈ ধুবুৰীত সন্ধানহীন যুৱক

ধুবুৰী জিলাৰ গৌৰীপুৰত গা ধুবলৈ গৈ এজন ২২ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।

খবৰ অনুসৰি ওচৰৰ বিলত বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে যুৱকজন। সন্ধানহীন যুৱকজনৰ নাম অমিত সূত্ৰধৰ।

পৰিস্থিতিৰ ভয়াৱহতাৰ বাবেই সেই স্থানত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইয়াৰ পূৰ্বে মৰিগাঁও জিলাৰ ঔজৰি পথাৰ গাঁৱৰ নীলম বিশ্বাস নামৰ কিশোৰ এজন বন্ধুৰ সৈতে গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে।

এই ঘটনাৰ আনজন কিশোৰক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *