বজৰংগ দলক অৱমাননা! কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেক ১০০ কোটি টকাৰ মানহানিৰ গোচৰত চমন জাৰি আদালতৰ…

হিন্দু সুৰক্ষা পৰিষদৰ প্ৰতিষ্ঠাপক হিতেশ ভৰদ্বাজে দাখিল কৰা ১০০ কোটি টকাৰ মানহানিৰ গোচৰত পঞ্জাৱৰ এখন আদালতে কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক চমন কৰিছে।

সূত্ৰ অনুসৰি, সদ্য সমাপ্ত কৰ্ণাটক নিৰ্বাচনৰ সময়ত বজৰংগ দলৰ বিৰুদ্ধে মানহানিকাৰক মন্তব্য কৰাৰ অভিযোগত খৰ্গেৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল হিতেশ ভৰদ্বাজে।

“জাতি বা ধৰ্মৰ ভিত্তিত জনগোষ্ঠীৰ মাজত ঘৃণা বিয়পোৱা ব্যক্তি আৰু সংগঠনৰ বিৰুদ্ধে কংগ্ৰেছ পাৰ্টি দৃঢ় আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমি বিশ্বাস কৰোঁ যে আইন আৰু সংবিধান পবিত্ৰ আৰু বজৰংগ দল, পিএফআই বা আন ব্যক্তি আৰু সংগঠনে ইয়াক উলংঘা কৰিব নোৱাৰে।”

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা হৈছিল এনেদৰে।

ৰাজ্যত ক্ষমতালৈ ভোটদান কৰিলে তেওঁলোকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাকে ধৰি আইন অনুসৰি ‘নিৰ্ণায়ক ব্যৱস্থা’ গ্ৰহণ কৰিব বুলি দলটোৱে কৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *