বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ বাৰ্ষিক অধিবেশনৰ সামৰণি

দক্ষিণ কামৰূপৰ অন্যতম পথিকৃৎ সাহিত্যানুষ্ঠান “বঙৰা আঞ্চলিক সাহিত্য মঞ্চ”ৰ সপ্তম বৰ্ষীয় অধিবেশনখনি আজি দিনযোৰা কাৰ্যসূচীৰে বঙৰাস্থিত “শ্রী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়” প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আজি  পুৱা ৯ বজাত পতাকা উত্তোলন কৰে মঞ্চৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ গৌৰীকান্ত নাথে। ৯.১৫ বজাত স্মৃতি তৰ্পণ কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই। ইয়াৰ পিছত চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১১ বজাত স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানৰ অন্তত আবেলি ২:৩০ বজাত অনুষ্ঠিত  মুকলি সভাত  সভাপতিত্ব কৰে মঞ্চৰ সভাপতি গৌৰীকান্ত নাথে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক যুগল চন্দ্র বৈশ্য আৰু কবি তথা নাট্যকাৰ ৰঞ্জিৎ চৌধুৰীয়ে ক্ৰমে মুখ্য আৰু বিশিষ্ট অতিথি হিচাপে অংশ লৈ সাম্প্রতিক সময়ৰ সাহিত্য চৰ্চা, সাহিত্যৰ জড়িয়তে সমাজত পেলাব পৰা প্ৰভাৱৰ ওপৰত বক্তব্য দাঙি ধৰে।  সভাতে মঞ্চৰ মুখপত্র “আৰোহণ”খনিও উন্মোচন কৰা হয়। মঞ্চৰ সম্পাদক ধৰণীধৰ নাথে আঁত ধৰা সভাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জগৎ চন্দ্র চৌধুৰী, প্ৰাক্তন শিক্ষক নাৰায়ণ তালুকদাৰ, ৰমেশ চন্দ্র তালুকদাৰ, গজেন চন্দ্র দাস, মৰ্মেশ্বৰ নাথ, পদ্মেশ্বৰ কুমাৰ, ধূপধাৰাৰ বিকালী মহাবিদ্যালয়ৰ অধ্যাপক ড০ আব্দুল ৱাহেৱ, কুশলজিৎ কুমাৰ, চিত্ৰলেখা চৌধুৰী, কল্পনা ভৰালী, তৰালী শৰ্মা, জ্যোৎস্না দাস প্ৰভৃতি বিশিষ্ট ব্যক্তিবর্গই অংশগ্ৰহণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *