পৰ্দাত জিলিকিব বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়

বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা, ৮০ দশকৰ এক ক’লা অধ্যায়ক সাঙুৰি এক মৰ্মস্পৰ্শী কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ‘ৰঙাটাপু-১৯৮২’ আজি সমগ্ৰ অসমতে মুক্তিলাভ কৰিব৷ কালি মহানগৰীৰ অনুৰাধা চিত্ৰগৃহত ছবিখনিৰ এক বিশেষ প্ৰদৰ্ষণী অনুস্থিত হয়। ‘ৰঙাটাপু’ বিশাল ব্ৰহ্মপুত্ৰৰ মাজৰ এটা সৰু চাপৰি৷ ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটিবলৈ ধৰে আৰু বসবাস কৰিবলৈ লোৱাৰ লগতে নানান হিংসাত্মক কাৰ্যত লিপ্ত হ’বলৈ লয়৷ এনেদৰেই ১৯৮০ দশকত অসমলৈ অবৈধ প্ৰব্ৰজনকাৰীৰ প্ৰব্ৰজন ঘটাৰ ফলত তেওঁলোকে অসমৰ সাৰুৱা কৃষিভূমি আৰু নদীৰ পাৰসমূহ দখল কৰি লোৱাৰ ফলত খিলঞ্জীয়া লোকসকলৰ সৈতে বিভিন্ন সংঘৰ্ষত লিপ্ত হৈছিল৷ বুৰঞ্জীৰ বুকুত হেৰাই যোৱা বহু কথা– ’৮০ দশকৰ এক ক’লা অধ্যায়৷ এই কাহিনী ৰূপালী-মালা, মৰম আৰু ৰাফিজাৰ৷ এই কাহিনী জীৱন আৰু যুদ্ধৰ, সত্য আৰু অসত্যৰ৷ এই কাহিনী আপোনাৰ৷ আমাৰ৷ সহজ-সৰল চহা সমাজৰ৷ চাৰিগৰাকী নাৰীৰ সহ্য-ধৈৰ্য্য, সাহস আৰু ত্যাগৰ হৃদয় কঁপাই যোৱা এটা তেজে ধোৱা এটা কাহিনী– ‘ৰঙাটাপু-১৯৮২’৷ ইপিনে, ছবিখনিৰ ট্ৰেইলাৰ মুক্তিৰ পাছতে ছবিখন চোৱাৰ বাবে নেটিজেনৰ মাজত ব্যাপক উৎসুকতা পৰিলক্ষিত হৈছে৷ বিশেষকৈ ‘কাশ্মীৰ ফাইলছ্‌’ৰ দৰে ঘটনা অসমতো আছে নেকি তাকে লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা হৈছে৷ বি আৰ চি চিনে প্ৰডাকচনৰ বেনাৰত অৰুণ কুমাৰ ৰায় আৰু অজয় কুমাৰ ৰায়ে প্ৰযোজনা কৰা ছবিখনিৰ পৰিচালক আদিত্যম শইকীয়া৷ মুখ্য সহকাৰী পৰিচালক ধনজিৎ দাস আৰু মৃণাল ডেকা৷ সহকাৰী পৰিচালক বিবেক বৰা৷ চিত্ৰগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে৷ শব্দ সম্পাদনা আৰু সংমিশ্ৰণ কৰিছে অমৃত প্ৰীতমে৷ আৱহ সংগীত কৰিছে অমৃত প্ৰীতম আৰু সুকুমাৰে৷ কণ্ঠদান কৰিছে ৰাকেশ ৰিয়ানে৷ ৰূপসজ্জাত আছে বিজেয়িতা পাটগিৰি৷ সম্পাদনা কৰিছে ৰণ্টু চেতিয়াই৷ চাৰিগৰাকী নাৰীৰ জীৱনশৈলীৰ আধাৰত নিৰ্মিত ছবিখনিত অভিনয় কৰিছে ক্ৰমে– আইমী বৰুৱা, গুঞ্জ ন ভৰদ্বাজ, ৰিম্পী দাস, বিবেক বৰা, কল্পনা কলিতা, ভাগিৰথী, হেমন্ত দেৱনাথ, আলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি শিল্পীয়ে৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *