পৰিবেশ সংৰক্ষণৰ সজাগতা সৃষ্টিৰ বাবে দীপৰ বিল সুৰক্ষা মঞ্চৰ উদ্যোগত মইনাখোৰোঙত গছপুলি ৰোপন

প্ৰকৃতিৰ ৰম্যভূমি  দীপৰ বিলৰ স্বাভাৱিক জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে নতুনকৈ গঠন হোৱা  দীপৰ বিল সুৰক্ষা মঞ্চই ছাত্ৰ – ছাত্রীকে ধৰি সাধাৰণ ৰাইজৰ মাজত পৰিবেশ সচেতনা সৃষ্টিৰ বাবে ব্যাপক গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে দীপৰ বিলৰ কাষৰীয়া আৰু গড়চুকৰ সমীপৰ ম‌ইনাখোৰোং পদ্মৰাম  ভড়ালী খেলপথাৰত আজি গছপুলি ৰোপন কৰা হয় ।  ইয়্ং গ্ৰীণ ক্লাৱৰ সৌজন্যত  খেলপথাৰত অনুষ্ঠিত ৪৭ সংখ্যক  পূৱ ৰামছাৰাণী বিহু সন্মিলনীৰ বহাগী  উৎসৱৰ  লগত সংগতি ৰাখি গছপুলি ৰোপণ কৰা হয় । এটি শেৱালি ফুলৰ পুলি ৰোপন কৰি গছপুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ইয়ং   গ্ৰীণ ক্লাৱৰ সভাপতি বিষ্ণু প্ৰসাদ বড়োৱে ।  এই উপলক্ষে অনুষ্ঠিত চমু  অনুষ্ঠানত  দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা ,  সহকাৰী সম্পাদকদ্বয়  সুশীল টেৰণ আৰু ধীৰাজ টুমুং , সাংগঠনিক সম্পাদক প্ৰমিলা টেৰণ , ইয়ং গ্ৰীণ ক্লাৱৰ প্ৰাক্তন সভাপতি  উৎপল কুমাৰ দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । আনহাতে  আজি প্ৰথম দিনাই খেলপথাৰ চৌহদত শেৱালি ফুল , জাম , অগৰু আৰু বকুলৰ  দহটা  পুলি ৰোপন কৰি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ চাৰিওফালে বেৰ দিয়া হয় । মঞ্চৰ সাধাৰণ সম্পাদক প্ৰমোদ কলিতা আৰু সহকাৰী সম্পাদক সুশীল টেৰণে জানিবলৈ দিয়া মতে  অহা  ১৪ মে’ত পুৱা ৯-৩০ বজাত দীপৰ বিলৰ কাষৰীয়া  দেউছটাল নৱজ্যোতি সংঘ খেলপথাৰ প্ৰাঙ্গণত  অনুষ্ঠিত হবলগীয়া  বহাগী বিদায়ী সন্মিলনৰ পতাকা উত্তোলনৰ পাছতে  গছপুলি ৰোপণ  কাৰ্যসূচী হাতত লোৱা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *