প্ৰাৰ্থনা চলি থকাৰ সময়তে গীৰ্জাঘৰত প্ৰৱেশ কৰি উদ্ভাণ্ডালি হিন্দুত্ববাদী সংগঠনৰ! এজনক গ্ৰেপ্তাৰ

দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় আৰু সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি হৈছে। এইবাৰ তাৰ প্ৰভাৱ পৰিলক্ষিত হ’ল দেশৰ ৰাজধানী দিল্লীত। দেওবাৰৰ প্ৰাৰ্থনাৰ সময়ত এটা গীৰ্জাত হিন্দুত্ববাদী আক্ৰমণৰ ঘটনা মঙলবাৰে পোহৰলৈ আহে। হঠাৎ হিন্দুত্ববাদী সংগঠনৰ সদস্যই গীৰ্জাঘৰত প্ৰৱেশ কৰি আচ বাব ভাঙি লণ্ডভণ্ড কৰে। ইফালে উদণ্ড সকলক বাধা দিয়াৰ বাবে উত্তেজনাৰো সৃষ্টি হয়। এই ঘটনাত এজন লোক আহত হয়। অৱশেষত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। এজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

এই আক্ৰমণৰ লগত জড়িত হিন্দুত্ববাদী সংগঠনসমূহে উত্তৰ-পূব দিল্লীৰ তাহিৰপুৰৰ ছায়ন প্ৰাৰ্থনা ভৱনত প্ৰাৰ্থনাৰ আৱৰণত হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক ভাষা ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে, গীৰ্জাৰ এজন সদস্যই তোলা এটা ভিডিঅ’ত দেখা গৈছে যে উলটি যোৱা আচবাব, প্ৰাৰ্থনা কক্ষৰ মজিয়াত কেইবাটাও বাদ্যযন্ত্ৰ সিঁচৰতি হৈ আছে। আক্রমণকাৰী বিশ্ব হিন্দু পৰিষদ আৰু বজৰংগ দলৰ সদস্য বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে৷

গীৰ্জা কৰ্তৃপক্ষই স্থানীয় জিটিবি এনক্লেভ থানাত লিখিত অভিযোগ দাখিল কৰে। খবৰ অনুসৰি হিন্দুত্ববাদী সংগঠনৰ সদস্যই গীৰ্জাঘৰত শ্লোগান দি প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁলোকে প্ৰাৰ্থনা কক্ষৰ ভিতৰত প্ৰৱেশ কৰি ইচ্ছাকৃতভাৱে লুটপাত কৰে। গীৰ্জাঘৰৰ আচবাব ধ্বংস কৰে। এই ঘটনাৰ ভিডিঅ’ও মুকলি কৰা হৈছে। আৰক্ষীয়ে গীৰ্জাৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি আক্ৰমণকাৰীক চিনাক্ত কৰিবলৈ চেষ্টা চলাইছে। এজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হৈছে। পাছলৈ হিন্দুত্ববাদী সংগঠনসমূহেও গীৰ্জাক ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰিছে। উত্তেজনাৰ বাবে গীৰ্জাঘৰত আৰক্ষী মোতায়েন কৰা হয়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *