প্ৰশ্নকাকত ফাদিল বিষয়টোত বিৰোধীয়ে ৰাজনীতিকৰণ কৰিব বিচাৰিছেঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ শিক্ষামন্ত্ৰী ৰানোজ পেগুৰ পদত্যাগ দাবী কৰা বিভিন্ন সংগঠনৰ হেঁচাত শনিবাৰে মন্ত্ৰীগৰাকীয়ে বিৰোধীয়ে এই ঘটনাক ৰাজনীতিকৰণ কৰা বুলি উল্লেখ কৰে।

বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰানোজ পেগুৱে কয়, ‘ছাত্ৰ-ছাত্ৰীসকলে কিয় প্ৰতিবাদ কৰিছে সেয়া মই বুজি নাপাওঁ। মাধ্যমিক শিক্ষা ব’ৰ্ড, অসমৰ অধ্যক্ষ বা মই কিয় পদৰ পৰা পদত্যাগ কৰিম? আমি পদত্যাগ কৰাৰ পিছত বিষয়টো নিষ্পত্তি হ’বনে? সমগ্ৰ বিষয়টোক ৰাজনীতিকৰণ কৰিবলৈ চেষ্টা কৰিছে বিৰোধীয়ে। মূল গোচৰৰ পৰা দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে।”

ভূগোলৰ প্ৰশ্নকাকত ফাদিল হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পেগুৱে কয়, ‘ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভূগোলৰ প্ৰশ্নকাকত ভুৱা বুলি ছেবাই নিশ্চিত কৰিছে। ছচিয়েল মিডিয়াত প্ৰশ্নকাকত প্ৰচাৰ কৰা বুলি জানিব পৰা গৈছে নগাঁৱৰ মাছুম আলী নামৰ এজন ব্যক্তিক আৰক্ষীয়ে চিনাক্ত কৰিছে। ২০২১ চনৰ প্ৰশ্নকাকত আছিল যিটো মৰ্ফ কৰা হৈছে।”

‘এইচ এছ এল চিৰ পৰীক্ষা প্ৰক্ৰিয়াত ব্যাঘাত জন্মাবলৈ একাংশ দুষ্কৃতিকাৰীয়ে ষড়যন্ত্ৰ কৰিছে। মই সকলো অভিভাৱকক সচেতন হ’বলৈ আহ্বান জনাইছো আৰু ছ’চিয়েল মিডিয়াত ভুৱা তথ্যৰ বলি নহ’বলৈ।’ -ৰনোজ পেগুৱে আৰু কয়।

শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু কয় যে প্ৰশ্নকাকত ফাদিলৰ কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে পৰিগণিত হোৱা শিক্ষকসকলক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰি কয় যে এই কেলেংকাৰীত শিক্ষকৰ জড়িততা লজ্জাজনক। তেওঁ কয় যে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে যাতে কোনো শিক্ষকে প্ৰশ্নকাকত লাভ কৰিব নোৱাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব।

মন্ত্ৰীগৰাকীয়ে কয়, ‘ছেবাৰ বাবে প্ৰয়োজনীয় সংস্কাৰ সন্দৰ্ভত আলোচনা কৰিব লাগিব। ব’ৰ্ডত প্ৰতি বছৰে সংস্কাৰ কৰা হয়। কেলেংকাৰীত লিপ্ত হোৱা শিক্ষকসকলৰ মনত সংস্কাৰৰ প্ৰয়োজন আছে বুলি মই ভাবো।”

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *