প্ৰতিষ্ঠা হোৱাৰ ১৫ বছৰ সম্পূৰ্ণ কৰিলে আৰএনএআইপিএলে

২০০৮ চনৰ ২৬ আগষ্টত ৰেন’ল্ট নিছান অটোমোটিভ ইণ্ডিয়া প্ৰাইভেট লিমিটেডে চেন্নাইৰ সমীপত দ্ৰুতগতিত বিকশিত হোৱা অটোমোটিভ ক্লাষ্টাৰ ওৰাগাদামত অত্যাধুনিক উৎপাদন কেন্দ্ৰ স্থাপন কৰিছিল। ১৫ বছৰে দ্ৰুতগতিত বৃদ্ধি হোৱা আৰু সম্প্ৰতি আৰএনএআইপিএলয়ে ঘৰুৱা আৰু ৰপ্তানি বজাৰৰ বাবে ভাৰতত ২.৫ মিলিয়নৰো অধিক ৰেনল্ট আৰু নিছান গাড়ী উৎপাদন কৰি অগ্ৰণী অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

এই প্লাণ্টটোৱে ইয়াৰ ৰোমাঞ্চকৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সাজু হৈছে কিয়নো ই পৰৱৰ্তী ইবছৰমানৰ ভিতৰত দুখন ইভিসহ ছটা নতুন মডেল প্ৰস্তুতৰ কাম অব্যাহত ৰাখিছে।১৫ বছৰত ১৫টা মাইলৰ খুঁটি অৰ্জন কৰিছে প্ৰথম ৰেনল্ট নিছান এলায়েন্স উৎপাদন প্লাণ্ট চমুকৈ আৰএনএআইপিএলে। যাৰ ভিতৰত আছে ২.৫ মিলিয়নৰো অধিক বাহন নিৰ্মাণ, ১.১৫ মিলিয়ন ৰপ্তানিৰ সৈতে স্থানীয় অৰ্থনীতিত অৰিহণা যোগোৱা, বহনক্ষম কাৰ্যকলাপৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আৰু ১০০,০০০ৰো অধিক লোকক প্ৰভাৱিত কৰা চিএছআৰ পদক্ষেপৰ সৈতে স্থানীয় সম্প্ৰদায়ক সমৰ্থন কৰা ইত্যাদি।

এই বিষয়ে আৰএনএআইপিএলৰ মেনেজিং ডাইৰেক্টৰ কীৰ্তি প্ৰকাশে কয় যে: “আমি ভাৰত আৰু বিদেশৰ গ্ৰাহকসকলৰ বাবে নিছান আৰু ৰেনল্টৰ উৎপাদিত সামগ্ৰীৰ সৰ্বশ্ৰেষ্ঠ সামগ্ৰীসমূহ অনাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ আৰু একে সময়তে পৰিৱেশৰ ওপৰত আমাৰ কাৰ্যকলাপৰ প্ৰভাৱ হ্ৰাস আৰু আমাৰ স্থানীয় সম্প্ৰদায়সমূহৰ বহনক্ষম বিকাশতো সহায় কৰি আহিছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *