প্ৰকৃতি প্ৰেম! পথাৰত উদ্ধাৰ কৰা বিৰল প্ৰজাতিৰ কাছ কপিলীত এৰি দিলে ৩ কিশোৰে…

নগাঁও জিলাৰ ৰহা চহৰৰ তিনিজন কিশোৰে মঙলবাৰে ঘৰৰ কাষৰ পথাৰৰ পৰা উদ্ধাৰ কৰে এটা বিৰল প্ৰজাতিৰ কাছ।

কিশোৰ কেইজনে তেওঁলোকৰ ঘৰৰ কাষৰ পথাৰ এখনত কাম কৰি থাকোঁতে এটা বিৰল হালধীয়া ঠেঙৰ কাছ দেখা পায়।

প্ৰায় ২ কেজি ওজনৰ কাছটো লক্ষ্য কৰি কিশোৰ কেইজনে সৰীসৃপটোক উদ্ধাৰ কৰি পিছত খলিহামাৰী গাঁৱৰ তেওঁলোকৰ ঘৰৰ কাষেৰে বৈ যোৱা কপিলী নদীত এৰি দিয়ে।

ইফালে, স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীসকলে কাছটোক ক্ষতি নকৰাকৈ মুকলি কৰি দিয়াৰ লগতে প্ৰকৃতিৰ প্ৰতি থকা নিস্বাৰ্থ সেৱাৰ বাবে কিশোৰ কেইজনক প্ৰশংসা কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *