পেৰ’লত মুকলি উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত! ভীতিগ্ৰস্ত হৈ ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীলৈ চিঠি ভুক্তভোগীৰ পৰিয়ালৰ…

উন্নাও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত কুলদীপ সিং চেংগাৰক কন্যাৰ বিবাহ অনুষ্ঠান উপলক্ষে পেৰ’লত মুকলি কৰি দিয়া হয়। বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ পেৰ’লৰ কথা শুনি প্ৰধানমন্ত্ৰীকে ধৰি কেইবাজনো লোকলৈ পত্ৰ প্ৰেৰণ কৰিছে উন্নাওৰ ভুক্তভোগীয়ে। কুলদীপে গোচৰৰ সাক্ষীক ভয় দেখুৱাই প্ৰভাৱিত কৰিব বুলি ভয় খাই তেওঁ এই চিঠিখন প্ৰেৰণ কৰিছে। ইয়াৰ সমান্তৰালকৈ দিল্লী আৰক্ষী আৰু চিবিআইৰ কঠোৰ তত্বাৱধানত কুলদীপক জেলৰ পৰা ওলাই যাবলৈ দিব লাগে বুলি দাবী জনায় ভুক্তভোগীয়ে। প্ৰসংগক্ৰমে দিল্লী উচ্চ ন্যায়ালয়ে কুলদীপক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

ইয়াৰ পিছত উন্নাও ভুক্তভোগীয়ে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয়কে ধৰি কেইবাটাও স্থানলৈ চিঠি লিখিছে। তেওঁলোকে কয়- কুলদীপ সিং চেংগাৰ জেলৰ পৰা ওলাই আহিছে। কিন্তু দিল্লী আৰক্ষীৰ জিম্মাত তেওঁক জেলৰ পৰা ওলাই যাবলৈ দিয়া উচিত। কাৰণ গোচৰৰ সাক্ষীক ভয় খুৱাব। গতিকে আমি বিচাৰো কুলদীপ সিং চেংগাৰক চিবিআই আৰু দিল্লী আৰক্ষীৰ কঠোৰ তত্বাৱধানত পেৰ’লত মুকলি কৰি দিয়া হওক।” লগতে তেওঁৰ পৰিয়ালক মৃত্যুৰ ভাবুকি দিয়া হৈছে বুলিও জানিবলৈ দিয়ে।

কন্যাৰ বিবাহ উপলক্ষে ২৭ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ পেৰ’লত মুকলি কৰি দিয়া হৈছে কুলদীপক। কন্যাৰ বিয়া অনুষ্ঠানৰ বাবে তেওঁৰ এজন আত্মীয়ই জামিনৰ বাবে আৱেদন কৰা বুলি জানিব পৰা গৈছে। কিন্তু জেলৰ পৰা ওলাই আহিবলৈ কৰা আবেদন মঞ্জুৰ নহ’ল। কাৰণ কুলদীপৰ এজন আত্মীয়ৰ অভিযোগৰ ভিত্তিত তেওঁক জেলত ভৰোৱা হৈছিল। গতিকে কুলদীপক কিয় পেৰ’লত মুকলি কৰি দিবলৈ দিয়া হ’ল বুলি প্ৰশ্ন কৰে ভুক্তভোগীয়ে।

২০১৭ চনৰ ৪ জুনত উন্নাওৰ এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। মূল অভিযুক্ত আছিল তেতিয়াৰ বিজেপি বিধায়ক কুলদীপ সিং চেংগাৰ। অভিযোগ উত্থাপন হৈছিল যে পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিবলৈ আৰক্ষীৰ ওচৰলৈ গৈছিল যদিও আৰক্ষীয়ে অভিযোগ ল’ব বিচৰা নাছিল। পিছত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ চিঠি লিখে ভুক্তভোগী মহিলাগৰাকীয়ে। ২০১৮ চনৰ ৮ এপ্ৰিলত যোগী আদিত্যনাথৰ বাসগৃহৰ সন্মুখত ধৰ্ণাত বহিছিল পৰিয়াল। তাতে আত্মহত্যাৰ চেষ্টা চলাই আত্মহত্যাৰ চেষ্টা কৰে জুই লগাই। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীৰ পিতৃক। পিছত আৰক্ষীৰ জিম্মাত ভুক্তভোগীৰ পিতৃৰ মৃত্যু হয়।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *