আগন্তুক দুৰ্গা পূজা সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে কেতবোৰ নীতি-নিৰ্দেশনা সদৰি কৰি কামৰূপ মহানগৰ জিলা প্ৰশাসনে কালি জিলাৰ পূজাসমিতিৰ বিষয়-ববীয়াসকলৰ লগত গুৱাহাটী জিলা পুথিভঁড়ালত এখন সভা অনুষ্ঠিত কৰে। সভাত পূজা অনুষ্ঠিত কৰাৰ বাবে অনুমতি লোৱাৰ পৰা বিসৰ্জনলৈকে বিভিন্ন বিষয়ে সবিস্তাৰে আলোচনা কৰা হয়। অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাসে সভাপতিত্ব কৰা এই সভাত অতিৰিক্ত উপায়ুক্ত ড° ধ্ৰুৱজ্যোতি হাজৰিকাই জিলা প্ৰশাসনৰ হৈ জনায় যে প্ৰত্যেকখন পূজা সমিতিয়ে স্থানীয় আৰক্ষী থানাৰ পৰা অনুমতি লৈহে পূজা অনুষ্ঠিত কৰিব পাৰিব। ৰাস্তা বন্ধ কৰি জনসাধাৰণৰ অসুবিধাৰ সৃষ্টি কৰি কোনো ঠাইতে পূজা অনুষ্ঠিত কৰিব নোৱাৰিব। পূজা পেণ্ডেলত পেট্ৰল, ডিজেল, কেৰাচিন আদি কোনো দাহ্য সামগ্ৰী ৰাখিব নোৱাৰিব। পূজাত পৰ্যাপ্ত পোহৰ ব্যৱস্থা থাকিব লাগিব। শব্দ প্ৰদূষণ নকৰাকৈ মাইক ব্যৱহাৰ কৰাৰ বাবে পূজা সমিতিক আহ্বান জনালে প্ৰশাসনে। সেইদৰে জাৱৰ-জোথৰ নিষ্কাষণৰ ক্ষেত্ৰত পূজা সমিতিয়ে নিজা ব্যৱস্থা লব লাগিব। তাৰবাবে বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায় অতিৰিক্ত উপায়ুক্তগৰকীয়ে। সেইদৰে খোৱা পানীৰ ক্ষেত্ৰতো উপযুক্ত ব্যৱস্থা লবলৈ তেওঁ পূজা সমিতিসমূহক অনুৰোধ জনায়। তেনেদৰে অগ্নি নিৰ্বাপন, আৰক্ষী থানা আদিৰ ফোন নং পূজাসমিতিৰ বিষয়-ববীয়াসকলৰ ফোন নম্বৰ সৈতে জনসাধাৰণে দেখা পোৱাকৈ পেণ্ডেলত লিখি ৰখাৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা পূজা সমিতিক আহ্বান জনোৱা হয়।আনহাতে, পূজাত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত স্থান, কাল, মান ৰাখিহে অনুষ্ঠান পৰিবেশন কৰাৰ ব্যৱস্থা ল’বলৈ জিলা প্ৰশাসনৰ হৈ সবিনয়ে পূজা সমিতিক আহ্বান জনায় অতিৰিক্ত উপায়ুক্তগৰাকীয়ে। ধাৰ্মিক মনোভাৱক সন্মান জনাই অনুষ্ঠান পৰিবেশন কৰিবলৈ আৰু নিশা বেছি দেৰীলৈকে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন নকৰিবলৈ তেওঁ লগতে আহ্বান জনায়। বিসৰ্জনৰ ক্ষেত্ৰত জিলাখনৰ আন আন স্থানৰ লগতে আগৰ দৰেই এইবাৰো পাণ্ডু ঘাটত ব্যৱস্থা লোৱা হ’ব বুলি সভাত জনোৱা হয়। সেইদৰে প্ৰত্যেকখন পূজাসমিতিক ‘ফাষ্ট এইড’ ৰ ব্যৱস্থা ৰাখিবলৈ জিলা স্বাস্থ্য বিভাগৰ পৰা আহ্বান জনোৱা হয়। সভাত উপস্থিত থাকি সহকাৰী পৰিবহণ আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া গৌতম দাসে পথ সুৰক্ষা নীতি মানি পূজা উদযাপন কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এয়া মুখ্যমন্ত্ৰী মহোদয়ৰ জনসাধাৰণৰ প্ৰতি আহ্বান।
পূজাসমিতিৰ বিষয়-ববীয়াৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সভা
