ফৰাচী ৰেফাৰী ষ্টিফেনি ফ্ৰেপাৰ্ট পুৰুষৰ ফিফা বিশ্বকাপত দায়িত্ব গ্ৰহণ কৰা প্ৰথম গৰাকী মহিলা বিষয়া হৈ পৰিছে। তেওঁ মেক্সিকো আৰু পোলেণ্ডৰ মাজত গ্ৰুপ চি খেলত চতুৰ্থ বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰে। পুৰুষৰ ফিফা বিশ্বকাপত প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলা ৰেফাৰীক অন্তৰ্ভুক্ত কৰা হৈছে। বাকী দুগৰাকী হৈছে ৰৱাণ্ডাৰ চেলিমা মুকানচাংগা আৰু জাপানৰ যমশিতা। কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ বাবে মুঠ ৩৬ জন ৰেফাৰী ক বাছনি কৰা হৈছে। ইয়াৰ ভিতৰত আছে তিনিগৰাকী মহিলা ৰেফাৰী। ইয়াৰ উপৰিও, ব্ৰাজিলৰ নুজা বেক, মেক্সিকোৰ কাৰেন ডিয়াজ মেডিনা আৰু আমেৰিকান কেথেৰিন নেচবিটাকে ধৰি ৬৯ জন সহকাৰী ৰেফাৰীকো বাছনি কৰা হৈছে। ৩৮ বছৰীয়া ষ্টেফানি ২০২০ত পুৰুষৰ চেম্পিয়নছ লীগত প্ৰথম মহিলা ৰেফাৰী হিচাপে পৰিগণিত হৈছিল। এই খেলখন জুভেণ্টাছ আৰু ডায়নামো কিয়েভৰ মাজত খেলা হৈছিল। তেওঁ লিগ ১, ইউৰোপা লীগ, পুৰুষৰ বিশ্বকাপ কোৱালিফাইঙতো সেৱা আগবঢ়াইছে। ফ্ৰেপাৰটে পূৰ্বে বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী ৰাউণ্ড আৰু চেম্পিয়নছ লীগত পুৰুষৰ খেলত ৰেফাৰী আছিল। তেওঁ ২০১৯ ৰ মহিলা বিশ্বকাপৰ ফাইনেলত ৰেফাৰী হিচাপেও দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ এই বছৰৰ পুৰুষৰ ফ্ৰেন্স কাপৰ ফাইনেলত ৰেফাৰী আছিল। মেক্সিকো আৰু পোলেণ্ডৰ মাজৰ খেলখনত দুয়োটা দলে গ’ল কৰিব নোৱাৰিলে আৰু শেষত খেলখন অমীমাংসিত ভাৱে সমাপ্ত হয়।
পুৰুষ ফিফা বিশ্বকাপত ৰেফাৰী দায়িত্ব পালনৰে অভিলেখ ৰচিলে ফ্ৰান্সৰ ষ্টিফেনি ফ্ৰেপাৰ্ট
