পুনৰ সাংবাদিক নিগ্ৰহ! বিহাৰত ঘৰৰ সন্মুখতে সাংবাদিকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ…

দেশত পুনৰ সাংবাদিক নিগ্ৰহৰ ঘটনা। শুকুৰবাৰে পুৱা বিহাৰৰ আৰৰিয়া জিলাত এগৰাকী সাংবাদিকক তেওঁৰ বাসগৃহত বন্দুকধাৰী দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিহত সাংবাদিকগৰাকী দৈনিক জাগৰণৰ সাংবাদিক বিমল কুমাৰ যাদৱ বুলি জানিব পৰা গৈছে।

গুলীচালনাৰ পিছত অঞ্চলটোত ব্যাপক হুলস্থুলৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে। তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী আৰু কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হৈছে।

স্থানীয় বাতৰি অনুসৰি মৃত সাংবাদিকজনক আৰিয়াৰিয়াৰ ৰাণীগঞ্জৰ প্ৰেম নগৰত থকা নিজা বাসগৃহত হত্যা কৰা হৈছে। চাৰিজন আক্ৰমণকাৰীয়ে বাইকত উঠি আহি ঘৰৰ পৰা তেওঁক বাহিৰলৈ মাতে। ইয়াৰ পিছতে গুলীচালনা কৰি পলায়ন কৰে। ইয়াৰ পিছতে গুলীৰ আঘাতত মৃত্যু হয়। বিমলে পত্নীৰ সৈতে ১৫ বছৰীয়া পুত্ৰ আৰু ১৩ বছৰীয়া কন্যা সন্তানক এৰি থৈ গৈছে।

জানিব পৰা মতে, ২০১৯ চনত বিমল কুমাৰৰ ভাতৃকো হত্যা কৰা হৈছিল। এই গোচৰত তেওঁ একমাত্ৰ সাক্ষী আছিল। সম্প্ৰতি এই কোণৰ পৰাই বিমল কুমাৰৰ হত্যাকাণ্ডৰ প্ৰাৰম্ভিক তদন্ত চলি আছে। এই সন্দৰ্ভত আৰক্ষীয়ে ক্ষিপ্ৰ তদন্ত আৰম্ভ কৰিছে। কুমাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰৰিয়া সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। তদন্তৰ পিছতহে এই হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আৰক্ষীয়ে স্থানীয় সংবাদ মাধ্যমক জনায়।

ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হোৱা আৰৰিয়াৰ অধীক্ষক অশোক কুমাৰ সিঙে সংবাদ মাধ্যমক এই সবিশেষ অৱগত কৰে। তেওঁ নিশ্চিত কৰে যে বিমল কুমাৰ যাদৱক অচিনাক্ত দুষ্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। তদন্তৰ বিষয়ে অধিক আপডেট দি সিঙে কয় যে মৰণোত্তৰ পৰীক্ষা চলি আছে আৰু হত্যাকাণ্ডৰ স্থানলৈ স্নিফাৰ ডগ এটা মাতি অনা হৈছে। আৰৰিয়াৰ এছ পি অশোক কুমাৰ সিঙে কয় যে তদন্ত চলি আছে আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।

আৰজেডি- ৰাষ্ট্ৰীয় জনতা দল (বিহাৰত শাসকীয় মিত্ৰজোঁটৰ অংশ) সাংসদ মনোজ ঝাই সাংবাদিকক গুলীয়াই হত্যা কৰা কাণ্ডত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি মণিপুৰ বিষয়টো উত্থাপন কৰি বিহাৰত আইন-শৃংখলাৰ চৰ্তত বিজেপিক উভতি আক্ৰমণ কৰে। “যেতিয়াই এনে ঘটনা সংঘটিত হয় তেতিয়াই ৰাজ্য চৰকাৰৰ বাবে ই এক প্ৰত্যাহ্বান। এই আৰাৰিয়া গোচৰতো আপোনালোকে ফিড পঠোৱাৰ আগতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে তেওঁলোকে (বিজেপি) কোনো কথা কোৱাৰ আগতে মণিপুৰক মনত ৰখা উচিত।’- তেওঁ কয়।

ৰাজ্যত শেহতীয়াকৈ সংঘটিত অপৰাধজনিত ঘটনাক লৈ বিহাৰৰ আইন-শৃংখলাৰ পৰিস্থিতি অৱনতি ঘটাত নীতিশ কুমাৰ চৰকাৰক তীব্ৰ ক্ষোভ প্ৰকাশ কৰে লোক জনশক্তি পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছৱানে।

দৈনিক জাগৰণৰ সাংবাদিকগৰাকীৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কয় যে এয়া এক দুৰ্ভাগ্যজনক ঘটনা। তেওঁ লগতে কয় যে তেওঁ বিষয়টো চাবলৈ বিষয়াসকলক অৱগত কৰিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *