পাঠশালাত নামঘৰৰ প্ৰসাদ খাই অসুস্থ ৪০ জনকৈ লোক…

মঙলবাৰে পাঠশালাত এক ধৰ্মীয় অনুষ্ঠানত প্ৰসাদ সেৱন কৰি কমেও ৪০ জন লোক অসুস্থ হৈ পৰে। পাঠশালাৰ ৰূপনগৰ নামঘৰত সংঘটিত হয় এই ঘটনা।

সূত্ৰ অনুসৰি, সোমবাৰে ব্যক্তিকেইজনে ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে য’ত তেওঁলোকৰ মাজত প্ৰসাদ বিতৰণ কৰা হয়।

নিজ নিজ বাসগৃহলৈ উভতি অহাৰ পিছত তেওঁলোকৰ শৌচ আৰু বমি হ’বলৈ ধৰিলে। যাৰ ফলত তেওঁলোকক হাস্পতালত ভৰ্তি কৰিবলগীয়া হয়।

ইয়াৰ পূৰ্বে ১৯ ছেপ্টেম্বৰত অসমৰ ঢকুৱাখনাত বিশ্বকৰ্মা পূজাত ‘প্ৰসাদ’ সেৱন কৰি কেইবাজনো ব্যক্তি খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *