মেঘালয় বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ আন বিধানসভা সমষ্টিৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ১০ নম্বৰ জিৰাং সমষ্টিতো নিৰ্বাচনী তৎপৰতা তুংগত উঠা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে সমষ্টিটোত এইবেলি মুঠ ভোটাৰৰ সংখ্যা হল ৪০.৮৮৬ জন আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা হল ৭০ টা । মেঘালয়ৰ ৰি-ভয় জিলাৰ নংপোৰ টোলগেটৰ সমীপৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ চানডুবিলৈ বিয়পি থকা সমষ্টিটোত ১৯১ খন গাঁও আছে । ইয়াৰে প্ৰায় কুৰি শতাংশ গাঁও আছে পশ্চিম গুৱাহাটী সমষ্টিৰ গাতে লাগি । আনকি সেই গাঁও সমূহৰ বেছিভাগেই মেঘালয়ৰ জিৰাং সমষ্টিৰ দৰে অসমৰ পশ্চিম গুৱাহাটী সমষ্টিটো ভোটদান কৰি আহিছে । দ্বৈত ভোটাৰ হিচাপে পৰিচিত গাঁও সমূহৰ সৰহ সংখ্যকেই আছে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত । দুখনমান আছে পলাশবাৰী সমষ্টিত । ইফালে সমষ্টিটোত এইবেলি মুঠ ৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে । কিন্তু ৰাজনৈতিক সমীক্ষক সকলে মূল প্ৰতিদ্বন্দিতা বৰ্তমানৰ এন পি পি দলৰ বিধায়ক ছটনেশ চতুন আৰু প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ মহিলা মৰ্চাৰ মেঘালয় ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদিকা ৰিয়া চাংমাৰ মাজতে সীমাবদ্ধ থাকিব বুলি মত ব্যক্ত কৰিছে । ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল , অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনকে ধৰি অসম বিজেপিৰ কেবাজনো নেতা , কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আদিয়ে সমষ্টিটোত দলৰ প্ৰাৰ্থী ৰিয়া চাংমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লৈছে । তেনেদৰে শনিবাৰ নিৰ্বাচনী প্ৰচাৰৰ সামৰণিৰ দিনাৰ ভিতৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , অগপ দলৰ সভাপতি আৰু মন্ত্ৰী অতুল বৰা , সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি অগপ-বিজেপি মিত্ৰজোঁটৰ কেবাজনো নেতাই ৰিয়া চাংমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লব । মুঠৰ ওপৰত জিৰাং সমষ্টিৰ পৰা যিকোনো প্ৰকাৰে দলৰ প্ৰাৰ্থী ৰিয়া চাংমাক বিজয়ী কৰাবলৈ অসম বিজেপিৰ নেতা সকলে সৰ্বশক্তি প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে সমষ্টিটোত ভোটাৰৰ বিন্যাস অনুসৰি ৪২ শতাংশ খাচী ভোটাৰ । ইয়াৰ বিপৰীতে ৩১ শতাংশ গাৰো , ৯ শতাংশ ৰাভা , ৭ শতাংশ কাৰ্বি , ৭ শতাংশ নেপালী আৰু ২ শতাংশ অন্যান্য ভোটাৰ আছে । কিন্ত সমিষ্টিটোত প্ৰাৰ্থীৰ জয় – পৰাজয়ত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি অহা বাবে পশ্চিম গুৱাহাটীৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনত মেঘালয় সীমান্তত থকা গাঁও সমূহত প্ৰাৰ্থী সকলে অধিক প্ৰচাৰ চলোৱা দেখা গৈছে । তাৰ ভিতৰত ৰাণীবাৰী , ভালাখোৱা , পাটগাঁও , বাকৰাপাৰা ,শালসেৰ , বিলপাৰ , জিমিৰগাঁও , উমচুৰ ,ডুমোপাহাম , কন্ঠমপাহাম , নংটাৰী , আমৰিং , ডেকাপথাৰ , নুমলিপথাৰ , জালুকপাহাম , মাতাং , উলুবাৰী , গড়ভাঙা , পাহাম জিলা , নতুন গড়ভাঙা , দলেপাহাম , উমচেং , উমক্ৰেম , গণপতি , মৈৰাপুৰ , নতুন বাতাবাৰী , পুৰাণ বাতাবাৰী আদিত প্ৰাৰ্থী সকলে অধিক নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে । ইফালে প্ৰচাৰ অভিযানৰ সময়ত পশ্চিম গুৱাহাটীৰ ৰাণীত আজি সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত বিজেপিৰ প্ৰাৰ্থী ৰিয়া চাংমাই এন পি পি দল আৰু চৰকাৰক কঠোৰ সমালোচনা কৰি কয় – পূৰ্বৰ ডাঃ মুকুল চাংমাৰ কংগ্ৰেছ দলৰ চৰকাৰৰ দৰে কনৰাড চাংমায়ো কেৱল দুৰ্নীতি আৰু পৰিয়ালতন্ত্ৰৰ হে মেঘালয়ত প্ৰয়োভৰ দেখা গল । তেওঁৰ ঘৰটো গুৱাহাটীৰ বশিষ্ঠৰ ওচৰৰ পিলিংকাটাৰ মাইঘুলিত । এজাক বৰষুণ দিলে যোৱাৰ উপায় নাই । এতিয়া নিৰ্বাচনৰ প্ৰাকক্ষণতহে পথটোৰ নিৰ্মাণ কার্য আৰম্ভ কৰিছে বৰ্তমানৰ এন পি পি দলৰ বিধায়কজনে । মেঘালয় যিহেতু এখন মাতৃপ্ৰধান ৰাজ্য , সেয়েহে মহিলাৰ সৱলীকৰণৰ বাবে পৰম্পৰাগত হস্ততাত , বস্ত্ৰশিল্পৰ উন্নয়ন সাধনৰ বাবে দক্ষতা বিকাশৰ বাবে কেতবোৰ আঁচনি গ্ৰহণ কৰা হব । প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ মুকুল চাংমাৰ টি এম চি দলে শেহতীয়াভাবে টকাৰ লোভ দেখুৱাই ভোটাৰৰ কাষ চাপিছে । কিন্তু সচেতন ভোটাৰে এখন দুৰ্নীতিমুক্ত মেঘালয়ৰ লগতে ৰাজ্যখনৰ সর্বাংগীন বিকাশ – উন্নয়নৰ স্বাৰ্থত বিজেপি দলৰ সপক্ষে ভোটদান কৰিব বুলি ৰিয়া চাংমাই সাংবাদিকৰ আগত সদৰি কৰে । উল্লেখযোগ্য যে গাৰোৰ লগতে অসমীয়া , হিন্দী , ইংৰাজী ভাষাত সলসলীয়াকৈ কথা কব পৰা ৰীয়া চাংমাই খাচী ভাষা বুজি পায় যদিও ভালকৈ কব নোৱাৰে ।আনহাতে বিগত দুদিনত টি এম চি , এন পি পি , কংগ্ৰেছ দলৰ দৰে ৰিয়া চাংমাৰ সমৰ্থনত বিজেপি দলৰ কর্মী – সমৰ্থক সকলে পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তবৰ্তী গাঁও সমূহত সমদল উলিওৱা পৰিলক্ষিত হৈছে । বিজেপি দল জিন্দাবাদ, ৰিয়া চাংমা জিন্দাবাদ , বিজেপিৰ ৰিয়া চাংমাক পদুম ফুলৰ চিনত ভোট দিয়ক আদি শ্ল’গানৰে আকাশ বতাহ মুখৰিত কৰিছে সমদলকাৰী সকলে। তেনেদৰে প্ৰাৰ্থী ৰিয়া চাংমাই সৰু সৰু পথসভা অনুষ্ঠিত কৰাৰ লগতে পদব্ৰজে ৰাইজৰ মাজত ঘূৰি উন্নয়নৰ স্বাৰ্থত ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ১০ নং জিৰাং সমষ্টিৰ পৰা তেওঁক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰি ৰাইজক সেৱা কৰাৰ সুযোগ দিবলৈ আহ্বান জনায়। যাৰ বাবে বহু ভোটাৰ ৰিয়া চাংমাৰ প্ৰতি আকৃষ্ট হোৱা পৰিলক্ষিত হৈছে । উল্লেখযোগ্য যে কিছু কিছু অঞ্চলৰ সভাত আন বিৰোধী দলৰ বহু নেতা – কর্মীয়েও বিজেপি দলে উন্নয়নৰ এজেণ্ডাক মূল ইছু কৰা বাবে দলটোত যোগদান কৰা বুলি ৰিয়া চাংমাই সাংবাদিকক সদৰি কৰিছে ।
পদব্ৰজে প্ৰচাৰ অভিযান চলাই ভোটাৰক আকৃষ্ট কৰিছে বিজেপিৰ ৰিয়া চাংমাই
