নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ দৰং প্ৰশাসন

ৰাজ্যৰ মুঠ ৮০খন পৌৰ এলেকাৰ লগতে দৰং জিলাতো তিনিটা পৌৰ এলেকাৰ বাবে দেওবাৰে অৰ্থাৎ ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে দৰং জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।

মঙলদৈ আৰু খাৰুপেটীয়াই বহু বছৰৰ আগেয়ে পৌৰ এলেকাৰ স্বীকৃতি পোৱাৰ লগতে কেইবাটাও নিৰ্বাচন প্ৰত্যক্ষ কৰিছে যদিও ইয়াৰ বিপৰীতে নতুনকৈ পৌৰ এলেকাৰ মৰ্যাদা পোৱা ছিপাঝাৰ পৌৰসভাৰ বাবে প্ৰথম বাৰলৈ নিৰ্বাচন অনুস্থিত হ’ব ।

মঙলদৈ পৌৰ এলেকাত ভোটদানৰ বাবে ২৪ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে খাৰুপেটিয়া আৰু ছিপাঝাৰ পৌৰ এলেকাত ভোটদানৰ বাবে ক্ৰমে ২১ আৰু ১৩ টা কৈ ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ।

এইবাৰৰ মঙলদৈ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব । ইয়াৰে সমান্তৰালকৈ খাৰুপেটিয়াৰ ১১ টা ৱাৰ্ডৰ বাবে ৩০ গৰাকীয়ে প্ৰতিদ্বন্দিতা কৰিব । ইপিনে ছিপাঝাৰ পৌৰ সভাৰ ১০ টা ৱাৰ্ডৰ বাবে সৰ্বমুঠ ২১ গৰাকীয়ে প্ৰাৰ্থীয়ে চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলগীয়া আছিল যদিও ৯ নং ৱাৰ্ডৰ অভিনৱ হাজৰিকাই বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হবলৈ সক্ষম হোৱাৰ পৰিপ্ৰেক্ষিতত সৰ্বমুঠ ২০ গৰাকী প্ৰতিদ্বন্দিৰ মাজতে ৯ টা ৱাৰ্ডৰ বাবে সংগ্ৰাম সীমাবদ্ধ থাকিব ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *