নির্বাচনী প্ৰচাৰ সফল সমাপ্তি, ভোটৰ বাকচ ছীল

গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নির্বাচন ৩ জুন অর্থাৎ কাইলৈ পূৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব। প্ৰেছ ক্লাৱৰ ১,০০০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ২৫ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰে ভিতৰত ৬ গৰাকী মহিলা প্রার্থীও আছে। ইতিমধ্যে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাধাৰণ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰিটার্নিং বিষয়া বিজন মহাজন আৰু দুৰ্বা ঘোষৰ তত্ত্বাৱধানত গঠন কৰা নিৰ্বাচনী কমিটীয়ে সংবিধানৰ নীতি অনুসৰি যাৱতীয় নীতি-নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচনী কমিটীৰ বিধি অনুসৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ২৫ গৰাকী প্ৰাৰ্থীয়ে ১০ টা পদৰ বাবে প্ৰচাৰকাৰ্য চলাই আজি পুৱা ৯ বজাত সমাপ্ত কৰিছে। নির্বাচনী কমিটীৰ আৰু ভাতৃত্ব সুলভভাৱে প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰ কাৰ্য চলোৱাত ৰিটার্নিং বিষয়া বিজন মহাজনে সন্তোষ প্রকাশ কৰে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত ৰিটার্নিং বিষয়া মহাজনে বেলট বাকচ ছীল কৰাৰ কথা ঘোষণা কৰাৰ লগতে কাইলৈ পুৱা ৯ বজাৰ পৰা বিধিসম্মতভাৱে ভোটদান পর্ব অনুষ্ঠিত হ’ব বুলি সদৰী কৰে। নিৰ্বাচনী কমিটীৰ সভাপতি দুর্বা ঘোষে নির্বাচন সুকলমে অনুষ্ঠত কৰাৰ বাবে পুলিং এজেন্ট, স্বেচ্ছাসেবক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে। ইতিমধ্যে দুটা চিটত ৪৭ গৰাকী পুলিং এজেন্ট আৰু স্বেচ্ছাসেৱক নিযুক্তিৰ কথা সদৰী কৰে নিৰ্বাচনী কমিটীয়ে। সম্পূর্ণ শৃংখলাবদ্ধভাৱে ভোটদান কৰিবলৈ ভোটাৰ সকলক আহ্বান জনাই নির্বাচনী কমিটীয়ে। কাইলৈ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটদান অনুষ্ঠিত হ’ব। ভোটদাতাসকলে ভোটদানৰ সময়ত নিজৰ নিজৰ প্ৰতিষ্ঠানৰ পৰিচয় পত্র বা জনসংযোগ বিভাগৰ পৰিচয়পত্র, আই ডি নম্বৰ থকা শ্ৰীপ দেখুৱাব লাগিব। সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজত সম্পূৰ্ণ ছীল কৰি বেলট বাকচসমূহ ৰখা হ’ব বুলিও সদৰী কৰে নিৰ্বাচনী কমিটীয়ে। ইতিমধ্যে নির্বাচনী পর্যবেক্ষক, চিকিৎসক, নাৰ্ছ, নিৰাপত্তাৰক্ষী, বায় ট্যালেটৰ ব্যৱস্থা, খোৱাপানীৰ সু-ব্যৱস্থাকে ধৰি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰা বুলি সংবাদমেলত উল্লেখ কৰে নিৰ্বাচনী কমিটীয়ে। ৪ জুনত ভোট গণনা আৰম্ভ হ’ব আৰু সেইদিনাই ফলাফল ঘোষণা কৰা হ’ব। আজিৰ সংবাদমেলৰ ৰিটার্নিং বিষয়া বিজন মহাজন, নির্বাচনী কমিটীৰ মুখ্য উপদেষ্টা অজিত পাটোৱাৰী, সভাপতি দুর্বা ঘোষ, সদস্য – অনুপম নাথ, মন্টু শ‍ইকীয়া, অগ্নিভ গগৈ উপস্থিত থাকে। উল্লেখ্য যে ভোট যুদ্ধত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল হ’ল ক্ৰমে সুনীল বৰা, জয়ন্ত কুমাৰ ডেকা, সুস্মিতা গোস্বামী, প্রদীপ বর্মন, যতীন ভাগৱতী, অলকা বৰুৱা, নৱনীতা কলিতা, সঞ্জয় ৰয়, মাধৱ দাস, সোনাধৰ ডেকা, হীৰকজ্যোতি মালাকাৰ, উৎপল বৰুৱা, দিলোৱাৰ হুছেইন মজুমদাৰ, মিতালী কোঁৱৰ, অনুপমা ডেকা, মনীন্দ্ৰ ডেকা, ৰণ্ট নেওগ, কনক শ‍ইকীয়া, হেমন্ত শৰ্মা, দেৱাশীষ কাঠকটীয়া, পল্লৱী বৰা, পীতাম্বৰ নেৱাৰ, আজাদ গগৈ, নয়নজ্যোতি ভূঞা আৰু কিশোৰজ্যোতি শৰ্মা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *