মহিলা সংৰক্ষণ বিধেয়ক (নাৰী শক্তি বন্দন আইন)ত অনুমোদন জনাইছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে। এই বিধেয়কখন ২০ ছেপ্টেম্বৰত লোকসভাত আৰু ২১ ছেপ্টেম্বৰত ৰাজ্যসভাত গৃহীত হয়।
সংসদৰ দুয়োটা সদনে যিকোনো বিধেয়ক গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হয় যাতে ই আইনত পৰিণত হয়।
এই আইন কাৰ্যকৰী হোৱাৰ পিছত লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাসকলে লাভ কৰিব ৩৩ শতাংশ সংৰক্ষণ।
সংসদে বিধেয়কখন গৃহীত কৰাৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৈছিল যে লিংগ ন্যায়ৰ বাবে আমাৰ সময়ৰ আটাইতকৈ পৰিৱৰ্তনশীল বিপ্লৱ হ’ব।