ধুবুৰীত বিবাহ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ কমেও দুজনৰ মৃত্যু, আহত ৫ জন

ধুবুৰী জিলাত বিবাহ যাত্ৰী কঢ়িয়াই অনা এখন বাহনে দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত কমেও দুজন লোক নিহত হোৱাৰ লগতে ৫জন লোক আহত হয়।

চাপৰ চহৰৰ সমীপৰ হাতীপোতা অঞ্চলৰ পৰা এই ঘটনাৰ খবৰ।

সূত্ৰই জনোৱা মতে, সন্মুখৰ পৰা অহা বাছৰ সৈতে মুখামুখিকৈ দুৰ্ঘটনাগ্ৰস্ত হয় গাড়ীখন।

নিহত দুজনৰ নাম ৰেকিব আহমেদ আৰু তানিছা ইয়াছমিন।

জানিব পৰা মতে, দুৰ্ভাগ্যজনক দিনটোত কৃষ্ণইৰ পৰা ধুৰবীৰ পথত আছিল গাড়ীখন।

ইফালে স্থানীয় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ লৈ যায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *