ধাৰাসাৰ বৰষুণৰ পিছতে হিমাচল প্ৰদেশত বিভীষিকা, তাচপাতৰ দৰে খহিছে ঘৰ…

ধাৰাসাৰ বৰষুণে বিভীষিকা নমাই আনিছে হিমাচল প্ৰদেশত। ৰাজ্যখনৰ কুল্লু জলাত ধাৰাসাৰ বৰষুণৰ পিছতে সংঘটিত ভয়ংকৰ ভূমিস্খলনত তাচপাতৰ দৰে খহি পৰিছে ইটোৰ পিছত সিটো ঘৰ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ইয়াৰ শিহৰণকাৰী ভিডিঅ’।

বিগত কিছুদিন ধৰি ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত প্ৰলয়ৰ সৃষ্টি হৈছে। ৰাজ্যত সঘনাই হোৱা প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন আৰু বানপানীৰ ঘটনা সংঘটিত হৈ আছে। অঞ্চলটোত হোৱা ভূমিস্খলনৰ ফলত বহু অট্টালিকা ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যত হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ঘাইপথ আৰু যাতায়ত ব্যৱস্থাও ক্ষতিগ্ৰস্ত হৈছে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এই ভয়ংকৰ ভিডিঅ’টোত দেখা গৈছে যে এন্নিৰ নতুন বাছ ষ্টেণ্ডৰ ওচৰৰ অট্টালিকাসমূহ প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ পিছত খহি পৰে। অট্টালিকাসমূহৰ ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বহু লোক। ক্ষতিগ্ৰস্ত অঞ্চলত ব্যাপক পৰিসৰত উদ্ধাৰ অভিযান চলোৱা হৈছে। আৰক্ষীৰ সৈতে উদ্ধাৰ অভিযানৰ দল উপস্থিত হৈ অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰিছে। আহত আৰু প্ৰাণ হেৰুৱা লোকৰ সংখ্যা এতিয়াও জানিব পৰা হোৱা নাই।

কুল্লু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কুল্লু-মানালী ঘাইপথতো ক্ষতিগ্ৰস্ত হয়। প্ৰচণ্ড বৰষুণৰ ফলত ঘাইপথত আবদ্ধ হৈ পৰা প্ৰায় শতাধিক বাহন আৰু লগতে ঘাইপথত প্ৰায় ৫-১০ কিলোমিটাৰ যান-জঁটৰ খবৰ পোৱা গৈছে। ধাৰাসাৰ বৰষুণৰ ফলত ঘাইপথত আবদ্ধ হৈ থকা লোকসকলে খাদ্য আৰু পানীৰ অভাৱৰ অভিযোগ উত্থাপন কৰাৰ লগতে অতি সোনকালে ঘাইপথটো মুকলি কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়। জিলাখনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ঘাইপথৰ পৰা অহা বিকল্প পথটোও ক্ষতিগ্ৰস্ত হয়। কৰ্তৃপক্ষই জনোৱা মতে, ঘাইপথ মুকলি নোহোৱালৈকে যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *