ধনী মহিলা ক্ৰিকেটাৰৰ তালিকাৰ তৃতীয়ত মিতালী ৰাজ

অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ এলিজ পেৰী হৈছে আটাইতকৈ ধনী মহিলা ক্ৰিকেটাৰ। এই খেলুৱৈগৰাকীৰ সম্পত্তিৰ মূল্য ১১৫ কোটি টকাতকৈ অধিক হ’ব। এলিজ পেৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৫০০০ তকৈও অধিক ৰান সংগ্ৰহ কৰিছে আৰু ৩০০ কৈও অধিক উইকেট দখল কৰিছে। অষ্ট্ৰেলিয়াৰ অধিনায়ক মেগ লেনিং হৈছে দ্বিতীয় ধনী মহিলা খেলুৱৈ। মেগৰ মুঠ সম্পত্তিৰ পৰিমাণ ৭৪ কোটি টকা। মেগে এতিয়ালৈকে ৮০০০ তকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছে। প্ৰাক্তন ভাৰতীয় অধিনায়ক মিতালী ৰাজ এই তালিকাত তৃতীয় স্থানত আছে। মিতালীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪১ কোটি টকা। মিতালীৰ নামত ১০ হাজাৰতকৈও অধিক আন্তৰ্জাতিক ৰান আছে। স্মৃতি মান্ধানা এই তালিকাত চাৰি নম্বৰত আছে। মান্ধানাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৩ কোটিতকৈও অধিক। মান্ধানাই এতিয়ালৈকে ৬ হাজাৰতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ৰান সংগ্ৰহ কৰিছে। ভাৰতীয় অধিনায়ক হৰমনপ্ৰীতক ইয়াত শীৰ্ষ-৫ ত অন্তৰ্ভুক্ত কৰা হৈছে। ৬০০০ তকৈ অধিক ৰান সংগ্ৰহ কৰা আৰু ৭০টাতকৈ অধিক উইকেট দখল কৰা হৰমনপ্ৰীতৰ মুঠ সম্পত্তিৰ পৰিমাণ ২৫ কোটি টকা। ইংলিছ ক্ৰিকেটাৰ ছাৰাহ টেইলৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৬০০০ তকৈও অধিক ৰান অর্জন কৰিছে। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৬ কোটি টকা। অষ্ট্ৰেলিয়ান বলাৰ হলী ফাৰ্লিংৰ নামত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাত্ৰ ৩০ টা উইকেট আছে। কিন্তু এই খেলুৱৈসকলক শীৰ্ষ-১০ গৰাকী ধনী মহিলা ক্ৰিকেটাৰৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ফাৰ্লিংৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২ কোটি টকাতকৈ অধিক।
প্ৰাক্তন ইংলেণ্ড দলৰ অলৰাউণ্ডাৰ ইছা গুহাৰ মুঠ সম্পত্তিৰ পৰিমাণ ১২ কোটি টকাতকৈ অধিক। এই খেলুৱৈজনে ২০০১ ৰ পৰা ২০১১ চনৰ ভিতৰত ইংলেণ্ডৰ হৈ ১১৩ খন খেলত ১৪৮ টা উইকেট দখল কৰিছে। পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছানা মীৰে এই তালিকাত ৯ ম স্থান লাভ কৰিছে। তেওঁৰ মুঠ সম্পত্তিৰ ১২ কোটিতকৈ অধিক। ছানাৰ নামত ২৪০টাতকৈ অধিক উইকেট আৰু ২৪০০ অধিক ৰান অর্জন কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *