প্ৰাচীন বাৰাণসী চহৰ কাশীত দেৱ দীপাৱলীৰ এক আড়ম্বৰপূৰ্ণ উদযাপন কৰা হয়, কাশীৰ প্ৰতিষ্ঠিত ঘাটসমূহ ১২ লাখ চাকিৰে উজলাই তোলা হৈছিল। উত্তৰ প্ৰদেশ চৰকাৰে বাবা বিশ্বনাথ মন্দিৰত ১১ টন ফুলেৰেসু সজ্জিত কৰি এক ব্যাপক প্ৰদৰ্শনেৰে এই উৎসৱক নতুন মাত্ৰা প্ৰদান কৰিছিল। যোগী চৰকাৰে শ্ৰীকাশী বিশ্বনাথ ধামৰ গংগা গেটত কাশী আৰু ভগৱান শিৱৰ ধৰ্মীয় কাহিনী বৰ্ণনা কৰি এক মন্ত্ৰমুগ্ধ লেজাৰ শ্ব’ৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল।
এই বৰ্ষৰ উদযাপনৰ এক অন্যতম উল্লেখযোগ্য দিশ আছিল বিশ্বৰ আগশাৰীৰ ৭০খন দেশৰ ৰাষ্ট্ৰদূত, প্ৰতিনিধি আৰু পৰিয়ালৰ অংশগ্ৰহণ, যিয়ে অনুষ্ঠানটোত এক আন্তৰ্জাতিক ৰূপ দিবলৈ সক্ষম হৈছিল। এই সমাৰোহে ভাৰত আৰু বিদেশৰ ৮ লাখৰো অধিক পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল, যাৰ ফলত হোটেল, অতিথিশালা, নাও, বাৰ্জ, য়াট আৰু ক্ৰুজৰ মাজত থকাৰ ব্যৱস্থাসমূহে সকলোকে আকৰ্ষিত কৰি সুন্দৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল।
কাশীঘাটৰ আৱৰণেৰে আবৃত ঐতিহাসিক অট্টালিকাবোৰ সনাতন ধৰ্মৰ প্ৰাচীন কাহিনীক চিত্ৰিত কৰি আন এটা লেজাৰ শ্ব’ৰ কেনভাচলৈ ৰূপান্তৰিত হৈ পৰিছিল। ঘাটসমূহত কৌশলগতভাৱে স্থাপন কৰা বক্তা(স্পিকাৰ)ৰ জৰিয়তে ভগৱান শিৱক উৎসৰ্গিত গীতৰ প্ৰতিধ্বনি অনুৰণিত হৈছিল। উৎসৱৰ উৎসাহৰ মাজতো কঠোৰ আৰু যাৱতীয় সকলো সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, ইয়াৰ ভিতৰত আছিল উদ্ধাৰ সামগ্ৰীৰে সজ্জিত বিভিন্ন ঘাটত এনডিআৰএফৰ দল, বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা ‘পানী এম্বুলেন্স’ থকা চিকিৎসা দল আৰু নিৰন্তৰ নিৰীক্ষণ নিশ্চিত কৰা ৱাশ্ব টাৱাৰ। প্ৰাচীন চহৰখনে উদযাপনৰ বাবে সাজু হোৱাৰ লগে লগে চিকিৎসালয়সমূহে পৰ্যটকৰ আগমনৰ বাবে সাজু হৈছিল, বিচনা বা আসনসমূহ সংৰক্ষণ কৰিছিল আৰু চিকিৎসা দলসমূহক উচ্চ সতৰ্কতাৰে প্ৰস্তুত কৰিছিল। দীপাৱলীৰ ১৫ দিনৰ পিছত কাৰ্তিক পূৰ্ণিমাৰ দিনা দেৱতাৰ দীপাৱলী নামেৰে পৰিচিত এই উৎসৱেৰে সমাৰোহৰ অন্ত পৰে।