দেৰগাঁৱৰ দুৰ্ঘটনাত আহত ৪ জনক সংকটজনক অৱস্থাত GMCHত ভৰ্তি

বুধবাৰে পুৱা দেৰগাঁৱত সংঘটিত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাই শোকাহত কৰিছে সমগ্ৰ অসমবাসীক। বনভোজ খাবলৈ গৈ দুৰ্ঘটনাত পতিত হোৱা ৪৫ জন লোকৰ ভিতৰত ১২ জনৰ ইতিমধ্যে ঘটাৰ বিপৰীতে আন আহতসকল বৰ্তমান হাস্পতালত ভৰ্তি হৈ আছে।

খবৰ অনুসৰি কেইবাজনো আহতৰ ভিতৰত চাৰিজনক বৃহস্পতিবাৰে পুৱা প্ৰায় ১ বজাত জৰুৰী অৱস্থাত গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ভৰ্তি হোৱা ৰোগীকেইজন হৈছে মৃদুল শইকীয়া, অৰূপ শইকীয়া, কুলুমনি শইকীয়া আৰু প্ৰীতি শইকীয়া।

সূত্ৰ অনুসৰি সাত বছৰীয়া প্ৰীতি শইকীয়াৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব। জি এম চি এইচত ভৰ্তি হোৱা চাৰিওজনৰ অৱস্থা যথেষ্ট সংকটজনক বুলি জানিব পৰা গৈছে।

লাভ কৰা তথ্য অনুসৰি কুলুমণি শইকীয়াৰ স্বামীয়ে এই শোকাৱহ দুৰ্ঘটনাৰ পিছত আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়। ইফালে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আন লোকসকলক জে এম চি এইচত ভৰ্তি কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *