দুৰ্নীতিগ্ৰস্ত জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক নিলম্বন

ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীক উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছতে চাকৰিৰ পৰা নিলম্বিত কৰা হয়।

সোমবাৰে অসম চৰকাৰে তেওঁক নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিশ্বজিৎ গোস্বামীক তেওঁৰ সহকাৰী জিলা প্ৰগ্ৰেম মেনেজাৰ (এডিপিএম) মৃণাল কান্তি সৰকাৰৰ সৈতে বিগত ২১ জুলাইত সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল। মুখ্য কাৰ্যবাহী বিষয়াৰ নিৰ্দেশ অনুসৰি পৰিষদৰ সদস্যসকলৰ পৰা ৩০ হাজাৰ টকা উৎকোচ গ্ৰহণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল বিষয়া দুজন।

পিছত নিশা বিশ্বজিৎ গোস্বামীৰ বাসগৃহত অভিযান চলাই দুৰ্নীতি বিৰোধী কোষটোৱে ২ কোটিৰো অধিক নগদ ধন জব্দ কৰে।

বঙাইগাঁওত থকা পত্নীৰ বাসগৃহত তালাচী চলোৱাৰ লগে লগে ভিজিলেন্স চেলৰ চোৰাংচোৱাই ২,৩২,৮৫,৩০০ টকাৰ বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ কৰে।

পিছত চিইঅ’ আৰু এডিপিএমক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *