দুটা দশকৰ পিছত নাগালেণ্ডত পৌৰ নিৰ্বাচনৰ পথ প্ৰশস্ত

নাগালেণ্ড বিধানসভাই বৃহস্পতিবাৰে নগৰীয়া স্থানীয় সংস্থাসমূহত (ইউএলবি) মহিলাসকলৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ ৰখাৰ বাবে সৰ্বসন্মতিক্ৰমে এখন বিধেয়ক গৃহীত কৰে। ইয়াৰ সৈতে, দুটা দশকৰ পিছত ৰাজ্যখনত পৌৰ নিৰ্বাচনৰ পথ প্ৰশস্ত কৰা হৈছে। মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মহিলাসকলৰ বাবে ইউএলবিত এক-তৃতীয়াংশ সংৰক্ষণ ৰখাৰ ব্যৱস্থা বিধেয়কখনত দিয়া হৈছে। ৰিঅ’ই কয় যে শীৰ্ষ জনজাতীয় সংস্থাটোৱে, যি আগতে এনে সংৰক্ষণৰ বিৰোধিতা কৰিছিল, এতিয়া ইয়াক গ্ৰহণ কৰিছে আৰু ৰাজ্যিক নিৰ্বাচন আয়োগে (এছইচি) শীঘ্ৰেই পৌৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব। তেওঁ লগতে কয় যে এই আইন শেষ নহয়, কিন্তু কেৱল আৰম্ভণি। মহিলাসকলে নগৰীয়া স্থানীয় সংস্থাসমূহৰ প্ৰশাসনত অংশগ্ৰহণ কৰাৰ সময় আহি পৰিছে। চুবুৰীয়া ৰাজ্যখনত ইউএলবি নিৰ্বাচন দীৰ্ঘদিন ধৰি স্থগিত হৈ আছে। অন্তিম নিৰ্বাচন ২০০৪ চনত অনুষ্ঠিত হৈছিল। অধিৱেশনৰ সময়ত সদনত নাগালেণ্ড পৌৰ নিগম বিধেয়ক ২০২৩ উত্থাপন কৰি ৰিঅ’ই কয় যে নতুন বিধেয়কখনত ভূমি আৰু ভৱনৰ ওপৰত কৰ সম্পৰ্কীয় ব্যৱস্থাসমূহ বাদ দিয়া হৈছে। তেওঁ কয় যে উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা আৰু ৰাজ্যখনৰ শীৰ্ষ জনজাতীয় সংস্থাসমূহৰ দ্বাৰা গ্ৰহণযোগ্যতাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলৰ বাবে ইউএলবিত এক-তৃতীয়াংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ২০১৭ চনত, যেতিয়া টিআৰ জেলিয়াং নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিছিল, হিংসা হৈছিল। দুজন লোক নিহত হৈছিল আৰু চৰকাৰী সম্পত্তি আৰু কাৰ্যালয় ক্ষতিগ্ৰস্ত হৈছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত নেফিউ ৰিঅ’ৰ নেতৃত্বত সৰ্বদলীয় চৰকাৰেও ৩৩ শতাংশ মহিলা সংৰক্ষণৰ সৈতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল। অৱশ্যে, পুনৰ কঠোৰ প্ৰতিৰোধৰ পিছত, চৰকাৰে নিৰ্বাচন বাতিল কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *