দীপৰ বিল সুৰক্ষা মঞ্চ গঠন

প্ৰকৃতিৰ ৰম্যভূমি দীপৰ বিল সম্প্ৰতি অস্তিত্বৰ সংকটত । বিশেষকৈ দীপৰ বিলৰ সমীপত পশ্চিম বৰাগাওঁৰ বেলৰতলত গুৱাহাটী পৌৰ নিগমে যোৱা আগষ্ট মাহৰ পৰা নতুনকৈ ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰি গুৱাহাটীৰ দূষিত আৱৰ্জনা সমূহ পেলাই অহাৰ সমান্তৰালভাৱে পামহী কেনেলৰে অহৰহভাবে পেলাই অহা হৈছে গুৱাহাটীৰ দূষিত পানীভাগ । ফলত  ভয়াবহ প্ৰদূষণৰ কবলত পৰিছে দীপৰ বিল । ইতিমধ্যে বিলৰ জলজ উদ্ভিদ আৰু প্ৰাণী সমূহৰ বেছিভাগেই মৃত্যুৰ দিশলৈ গতি কৰিছে । আনকি দেশী বিদেশী পৰিভ্ৰমী চৰাইৰ  বিচৰণ থলী হিচাপে বিখ্যাত দীপৰ বিললৈ এতিয়া নহা হৈছে আগৰ দৰে পৰিভ্ৰমী চৰাই । আনহাতে চকুৰ আগতে দীপৰ বিলখন তিলতিলকৈ মৃত্যুৰ দিশলৈ গতি কৰাত শংকিত হৈ পৰিছে সচেতন নাগৰিক , প্ৰকৃতিপ্ৰেমী আৰু বিলৰ দাঁতিত থকা ১৬ খনকৈ গাওঁৰ ৰাইজ ।  যাৰ বাবে  যিকোনো প্ৰকাৰে বিলখনক  ৰক্ষাৰ বাবে  স্বতঃস্ফূৰ্তভাবে আগবাঢ়ি আহি যোৱা ৫ মে’ৰ সন্ধিয়া দীপৰ বিলৰ পাৰত থকা ঐতিহাসিক শ্ৰী শ্ৰীভাঙাৰা গোহাঁই থান চৌহদত মিলিত হয় বিলৰ পাৰত বাস কৰা কেবাখনো গাওঁৰ শতাধিক ৰাইজ । আনহাতে এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত  সভাপতিত্বত  কৰে আজাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপীয়ে আৰু উদ্দেশ্য বাখ্যা কৰে  দীপৰ বিলৰ  সংৰক্ষণৰ হকে মাত মাতি অহা পৰিবেশকর্মী প্ৰমোদ কলিতাই ।  আনহাতে সভাত সুশীল টেৰণ , হেনৰী ডেভিড টেৰণ , দিবাকৰ দাস , ৰীতা ৰংচাল , দীপালি কলিতা , বকুল ৰংপী , ধীৰাজ টুমুং , অখিল ৰংপী , বিৰাজ কলিতাকে ধৰি কেবাজনো বক্তাই ভাষণত চৰকাৰৰ চৰম অৱহেলাত বিলখন ধ্বংসৰ মুখলৈ গতি কৰা বিষয়টোত উদ্বেগ প্ৰকাশ কৰে আৰু বিলখন ৰক্ষাৰ বাবে একেলগে যুজঁ দিয়াৰ বাবে এখন মঞ্চ গঠনৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে । সভাত বিলখন ৰক্ষাৰ বাবে উমৈহতীয়াভাবে সংগ্ৰাম কৰাৰ বাবে “দীপৰ বিল সুৰক্ষা মঞ্চ” গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে সভাত সৰ্বসন্মতি ক্ৰমে – পৰিবেশ কর্মী হেনৰী ডেভিড টেৰণক সভাপতি , গোলক দাসক কাৰ্যকৰী সভাপতি , বলেশ্বৰ ৰংপী আৰু নৃপেন ইংতিক উপ সভাপতি , প্ৰমোদ কলিতাক সাধাৰণ সম্পাদক , দ্বীপন ৰংপীক কোষাধ্যক্ষ , কেবাজনকো সহকাৰী সাধাৰণ সম্পাদক আৰু সাংগঠনিক সম্পাদক হিচাপে লৈ দীপৰ বিল সুৰক্ষা মঞ্চৰ কাৰ্যকৰী কমিটিখন গঠন কৰা হয় ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *