দীপৰ বিলৰ সমীপৰ ডাম্পিং গ্ৰাউণ্ডত বিলুপ্তপ্ৰায় প্ৰজাতিৰ হাড়গিলা মুকলি

প্ৰায় সাত মাহ পূৰ্বে গছৰ টিঙত থকা বাহৰ পৰা পৰি আঘাতপ্ৰাপ্ত হোৱা অৱস্থাত উদ্ধাৰ কৰা এটি হাড়গিলা পোৱালি বন্যপ্রাণীপ্রেমী তথা পক্ষীপ্ৰেমীৰ সাতমহীয়া যত্ন আৰু পৰিচৰ্যাত সুস্থ হৈ এতিয়া পুনৰ প্ৰকৃতিৰ কোলালৈ উৰা মাৰিছে। ‘টিকু’ নামৰ এই হাড়গিলাটিক বিলুপ্তপ্ৰায় ‘গ্ৰেটাৰ এডজুটেন্ট ষ্টক’ অর্থাৎ হাড়গিলাৰ সংৰক্ষণৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি অহা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ জৈৱ বৈচিত্র্য সংৰক্ষণ সংস্থা আৰণ্যকৰ হাড়গিলা সংৰক্ষণ কাৰ্যসূচী (জিএচিপি)গোটে ১৪ মে’ত মুকলি কৰি দিয়ে। দীপৰ বিলৰ সমীপত থকা ডাম্পিং গ্ৰাউণ্ডৰ কিছু নিলগত আয়োজিত এই চৰাই মুকলি অনুষ্ঠানত হাৰগিলা সংৰক্ষণৰ হকে কাম কৰি অহা ড : পূৰ্ণিমা দেৱী বৰ্মন , অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক পার্থসাৰথি মহন্ত আৰু ইন্দ্ৰানী বৰুৱা , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক অাৰু পৰিবেশকৰ্মী প্ৰমোদ কলিতাকে ধৰি কেবাজনো প্ৰকৃতিপ্ৰেমী এই অনুষ্ঠানত উপস্থিত আছিল। তেওঁৰ তিনি বছৰীয়া কন্যা ভূয়সী কলিতা ওৰফে টিকু সৰুৰে পৰা অতি চৰাই অনুৰাগী আৰু সেয়েহে মুকলি কৰি দিয়া হাড়গিলাটিৰ নাম টিকু ৰখা হৈছে। উল্লেখযোগ্য যে ২০২২ চনৰ ১৮ নবেম্বৰত শৰাইঘাট দলঙৰ পৰা কিছু নিলগৰ কামৰূপ জিলাৰ দদৰা গাঁৱৰ ৭০ ফুট ওখ এজোপা গছৰ ওপৰৰ বাহৰ পৰা হাড়গিলাৰ এই মাইকী পোৱালিটি আন এটা দহদিনীয়া পোৱালিৰ স’তে সৰি পৰিছিল। আৰণ্যকৰ হাৰগিলা কাৰ্যসূচী দলক নেতৃত্ব দিয়া সংৰক্ষণকর্মী ড° পূর্ণিমা দেৱী বৰ্মনে কয়, ‘১৪ মে’ অর্থাৎ মাতৃ দিৱসৰ দিনটোত সুস্থ হৈ উঠা হাড়গিলাক মুক্ত কৰি দিয়াৰ জৰিয়তে আমি সদায় নিজৰ সন্তানৰ লালন-পালন আৰু সুৰক্ষাৰ বাবে সৰ্বস্ব উজাৰি দিয়া সেই সকলো মাতৃক সন্মান জনাইছো। উল্লেখ্য যে বিগত ১৫ বছৰত ড° পূর্ণিমা বৰ্মন আৰু তেওঁৰ দলটোৱে এনে ধৰণৰ ৪০০ৰো অধিক চৰাই উদ্ধাৰ আৰু পুনৰ সংস্থাপন কৰিছে । অনুষ্ঠানৰ অন্তত উচ্চপদস্থ আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই হাৰগিলা পোৱালীটোক এৰি দিয়ে । আৰক্ষী বিষষ়া মহন্ত দীৰ্ঘদিন ধৰি দদৰাৰ হাৰগিলা সংৰক্ষণ কাৰ্যসূচীৰ সৈতে দীৰ্ঘদিন ধৰি জৰিত হৈ আছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *