দীপৰ বিল সুৰক্ষা মঞ্চ আৰু বন বিভাগৰ দীপৰ বিল বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ যৌথ উদ্যোগত ৰংমন টুৰিজিম চছাইটি আৰু চকৰ্দো দেশভক্ত তৰুণ ৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আজি দীপৰ বিলৰ চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত বিশ্ব হস্তী দিৱস পালন কৰা হয় । দিৱসৰ লগত সংগতি ৰাখি চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন এম ই স্কুলৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে দীপৰ বিলৰ পাৰত গছপুলি ৰোপণ আৰু অঞ্চলটোৰ ৰাইজক হাতীক সুৰক্ষা আৰু সংৰক্ষণ প্ৰদানৰ বাবে এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। বিশ্ব হস্তী দিৱসৰ এই কাৰ্যসূচীত বন বিভাগ, দীপৰ বিল সুৰক্ষা মঞ্চ, ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ বহু লোকে অংশগ্ৰহণ কৰে । আনহাতে এই উপলক্ষে বিদ্যালয় চৌহদত দীপৰ বিল সুৰক্ষা মঞ্চৰ সভাপতি হেনৰী ডেভিড টেৰণৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক প্ৰমোদ কলিতাই । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক পংকজ শৰ্মাই ভাষণত বিগত সময়চোৱাত অসমত হৈ থকা হাতী মানুহৰ সংঘাটৰ কাৰণ সমূহৰ আলোকপাত কৰি হাতী সংৰক্ষণৰ কাৰনে হাতী মানুহৰ সহাবস্থান অতি গুৰুত্বপূর্ণ বুলি মত পোষণ কৰে । সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ বিগত ২০১৩ চনৰ পৰা দীপৰ বিলত হাতী সংৰক্ষণৰ কাৰণে কাম কৰি অহা হৰেশ্বৰ টুমুংয়ে দীপৰ বিলত হাতীৰ খাদ্য নাটনি হোৱাৰ উপৰিও ৰেলপথচোৱাই ৰাণী সংৰক্ষিত বনাঞ্চল আৰু দীপৰ বিলৰ জৈৱ বৈচিত্র্যৰ ধ্বংসৰ কথা উল্লেখ কৰে। সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিমল মেধিয়ে সন্মানীয় অতিথি হিচাপে ভাগ লৈ দীপৰ বিলৰ হস্তী কৰিডৰ সংৰক্ষণ তথা দীপৰ বিলক প্ৰদুষণ মুক্ত কৰাৰ স্বাৰ্থত বিলখনত পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ পেলোৱা আৰু ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায় । সভাৰ অন্তত চিত্ৰাংকণ প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা বিতৰণ কৰা হয় । বঁটা বিতৰণ কৰে “দীপৰ বিলে মাতে” শীর্ষক জনপ্ৰিয় গীতটোৰ কন্ঠশিল্পী জিতুমণি দাস আৰু দীপৰ বিল বন্যপ্রাণী বনাঞ্চলিক কাৰ্যালয়ৰ আঞ্চলিক বন বিষয়া ধনেশ্বৰ দলেয়ে ।
দীপৰ বিলত বিশ্ব হস্তী দিৱস পালন
