দিল্লীৰ এইমছত বিধ্বংসী অগ্নিকাণ্ড! অনিৰ্দিষ্টকাললৈ বন্ধ জৰুৰীকালীন ৱাৰ্ড

সোমবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ডই দিল্লীৰ এইমছ চিকিৎসালয়ত সৃষ্টি কৰে আতংকৰ। অগ্নিকাণ্ডৰ পিছত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই। এই ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই। অৱশ্যে অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ড।

দিল্লী এইমছ দেশৰ অন্যতম শ্ৰেষ্ঠ চিকিৎসালয়। প্ৰতিদিনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ৰোগী চিকিৎসাৰ বাবে ইয়ালৈ আহে। এই চিকিৎসালয়খনে সদায় উত্তম সেৱা আগবঢ়াবলৈ দৃঢ়প্ৰতিজ্ঞ। সেই এইমছত পুৱা প্ৰায় ১১:৫৪ বজাত সংঘটিত হয় এক অগ্নিকাণ্ড। ঘটনাস্থলীত ৮খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি প্ৰথমে এণ্ড’স্কপি বিভাগত জুই লাগে। সেই জুই লাহে লাহে কাষৰ ইমাৰ্জেন্সি ৱাৰ্ডলৈ বিয়পি পৰিল। যুদ্ধকালীন অভিযানেৰে ৱাৰ্ডৰ পৰা ৰোগীক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়।

চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অগ্নিকাণ্ডত জৰুৰীকালীন ৱাৰ্ডৰ বেয়াকৈ ক্ষতিসাধন হয়। যাৰ বাবে এই ৱাৰ্ডটো অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। কিন্তু কোৱা বাহুল্য যে ইমান ব্যস্ত চিকিৎসালয়ৰ জৰুৰীকালীন অৱস্থা বন্ধ হ’লে বহু ৰোগীয়ে সমস্যাৰ সন্মুখীন হ’ব৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *