দিল্লীৰ আৰ এল এম হাস্পতালত মুকলি দেশৰ প্ৰথমটো ট্ৰেন্সজেণ্ডাৰ OPD

অন্তৰ্ভুক্তি আৰু স্বাস্থ্যসেৱাৰ সুলভতাৰ দিশত এক পদক্ষেপ হিচাপে দিল্লীৰ ৰাম মনোহৰ লোহিয়া (আৰ এম এল) হাস্পতালে আজি ভাৰতৰ প্ৰথমটো তৃতীয় লিংগৰ বহিঃৰোগ বিভাগ (অ’ পি ডি) মুকলি কৰা হয়।

উদ্বোধনী অনুষ্ঠানত আৰ এম এল হাস্পতালৰ সঞ্চালক অধ্যাপক ডাঃ অজয় ​​শুক্লাৰ নেতৃত্বত তৃতীয় লিংগ সমাজক সমতাপূৰ্ণ স্বাস্থ্যসেৱা প্ৰদানৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত ভাষণ দি ডাঃ অজয় ​​শুক্লাই তৃতীয় লিংগৰ ব্যক্তিসকলে চিকিৎসা সেৱা বিচৰাৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ লক্ষ্য কৰে যে তৃতীয় লিংগৰ সকলে আমাৰ চিকিৎসালয়ৰ সেৱা লাভ কৰাত অসংখ্য অসুবিধাৰ সন্মুখীন হৈছিল।

“চিকিৎসালয়ত তেওঁলোকৰ সংখ্যা নগণ্য আছিল, ইয়াৰ মূল কাৰণ আছিল অস্বস্তি আৰু বৈষম্যৰ ভয়। সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আমি তেওঁলোকৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি উৎসৰ্গিত এই বিশেষ অ’পিডিৰ সূচনা কৰিছো।” এই পদক্ষেপৰ অন্যতম মূল বৈশিষ্ট্য হ’ল চিকিৎসালয়ৰ চৌহদৰ ভিতৰত তৃতীয় লিংগৰ ৰোগীৰ বাবে এক নিৰ্দিষ্ট প্ৰস্ৰাৱগাৰৰ সুবিধা প্ৰদান কৰা।

এই প্ৰস্ৰাৱগাৰটো এনেদৰে ডিজাইন কৰা হৈছে যাতে তৃতীয় লিংগৰ ব্যক্তিসকলে আৰাম অনুভৱ কৰে আৰু চিকিৎসালয় ভ্ৰমণৰ সময়ত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *