দিল্লীত স্বাক্ষৰিত আলফাৰ চৰকাৰ আৰু আলোচনাপন্থী আলফাৰ মাজৰ ত্ৰিপাক্ষিক শান্তি চুক্তি

শুকুৰবাৰে আলফাৰ আলোচনাপন্থী গোটে কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক শান্তি চুক্তি স্বাক্ষৰ কৰি হিংসা পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ বাবে সন্মতি প্ৰদান কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্বাক্ষৰিত এই চুক্তিখন আৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলফাৰ আলোচনাপন্থী গোট আৰু চৰকাৰৰ মাজত ১২ বছৰ ধৰি বিনাচৰ্ত আলোচনাৰ অন্তত সম্পন্ন হোৱা বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

শান্তি চুক্তিৰ ফলত অসমত দশক দশক পুৰণি বিদ্ৰোহৰ অন্ত পৰিব বুলি আশা কৰা হৈছে।

কিন্তু পৰেশ বৰুৱাৰ নেতৃত্বত আলফাৰ স্বাধীন গোট এই চুক্তিৰ অংশ নহয়। বৰুৱা চীন-ম্যানমাৰ সীমান্তৰ এঠাইত বাস কৰা বুলি অনুমান কৰা হৈছে।

১৯৭৯ চনত “সাৰ্বভৌম অসম”ৰ দাবীৰে আলফা গঠন হৈছিল। তেতিয়াৰ পৰাই ই বিধ্বংসী কাৰ্য্যকলাপত জড়িত হৈ পৰে যাৰ ফলত ১৯৯০ চনত কেন্দ্ৰীয় চৰকাৰে ইয়াক নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰে।

২০১১ চনৰ ৩ ছেপ্টেম্বৰত ৰাজখোৱা গোটে চৰকাৰৰ সৈতে শান্তি আলোচনাত যোগদান কৰে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *