গৰুখুঁটিৰ ঘটনাক ‘প্ৰতিশোধ’ বুলি কৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই। ইয়াৰ পাছতে ড০ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ কামৰূপ মহকুমা ন্যায়িক দণ্ডাধীশৰ নিৰ্দেশ। ইয়াৰ পূৰ্বে সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই গোচৰ দিছপুৰ থানাই পঞ্জীয়ন কৰা নাছিল৷ ইয়াৰ পিছতে সাংসদ খালেক ন্যায়ালয়ৰ দ্বাৰস্থ হয়। শনিবাৰে মহকুমা ন্যায়িক দণ্ডাধীশ বিশ্বদীপ বৰুৱাৰ আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰে৷ বিবাদী পক্ষৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছতে আদালতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিছপুৰ আৰক্ষীক নিৰ্দেশ দিয়ে৷
যোৱা মাহত মুখ্যমন্ত্ৰী শৰ্মাক আদালতে অন্য এটা গোচৰৰ বাবে জৰিমণা বিহিছিল।