ত্ৰিভোৱনদাস ভীমজী জাভেৰীয়ে কলকাতাৰ কংকুৰগাছিত মুকলি কৰিলে নতুন ষ্ট’ৰ

১৫৮ বছৰতকৈও অধিক সময় ধৰি উদ্ভাৱনীমূলক ডিজাইন, কাৰুশিল্পৰ দৃষ্টান্তমূলক মানদণ্ড আৰু আস্থাৰ ওপৰত প্ৰতিষ্ঠিত কাংকুৰগাছি ভীমজী জাভেৰী (TBZ) য়ে  কলকাতাৰ কাংকুৰগাছিত নিজৰ ষ্ট’ৰ পুনৰ মুকলি কৰাৰ কথা প্ৰকাশ কৰিছে। ২০২৩ চনৰ ২৫ মে’ত বলীউডৰ মোহময়ী অভিনেত্ৰী তথা ব্ৰেণ্ড এম্বেছাদৰ ছাৰা আলী খানে এই ষ্ট’ৰ উদ্বোধন কৰে। কংকুৰগাছি ষ্ট’ৰ পুনৰ মুকলি কৰাটোৱে পশ্চিমবংগত ব্ৰেণ্ডৰ উপস্থিতি প্ৰতিষ্ঠা কৰাৰ লগতে অঞ্চলটোৰ সমৃদ্ধিশালী গহণা উদ্যোগত অৰিহণা যোগোৱাৰ বাবে TBZৰ নিষ্ঠাৰ সমৰ্পণক সূচায়।

টিবিজেড হৈছে “মেক ইন ইণ্ডিয়া” ব্ৰেণ্ড যিয়ে শেহতীয়াকৈ ভাৰতৰ পূব অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু দ্ৰুতগতিত বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে। কলকাতাৰ বজাৰত নিজৰ উপস্থিতি শক্তিশালী কৰি টিবিজেডে পশ্চিম বংগৰবিচক্ষণ গ্ৰাহকসকলক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যক মূৰ্ত কৰি তোলা প্ৰকৃত উৎসৰ পৰা আহৰণ কৰা, হাতেৰে নিৰ্মিত গহণাসমূহক সুবিধা প্ৰদানৰ লক্ষ্য ৰাখিছে। এই ভাইব্ৰেণ্ট মাৰ্কেটত টিবিজেডে পশ্চিম বংগৰ গহণাসমূহৰ প্ৰয়োজনীয়তা অব্যাহত ৰাখিবলৈ উৎসাহী।

বলীউডৰ অভিনেত্ৰী তথা টিবিজেডৰ ব্ৰেণ্ড এম্বেছাদৰ চাৰা আলী খানে এই সন্দৰ্ভত কয়, “টিবিজেড সদায় কালজয়ী কাৰুকাৰ্য আৰু ডিজাইনৰ সমাৰ্থক আৰু তেওঁলোকৰ উৎকৃষ্ট  গহণা কালেকচন প্ৰত্যক্ষভাৱে চাবলৈ পাই মই উৎফুল্লিত হৈছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *